বৰপেটা,30 জুলাই :
- ভেলেঙী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৰদলনী-মন্দিয়া সংযোগী পথটো
- এতিয়াও পথটোৰে বৈ আছে ভেলেঙী নৈৰ তীব্ৰ সোঁত
- সোমবাৰে নিশা ১নং বৰদলনী গাঁৱত নিশা ঘটে অঘটন
- নিশা মন্দিয়াৰ পৰা ঘৰলৈ গৈ থকা বাকেছ আলী নামৰ যুৱকজনে নাও নাপাই পথটোৰ ছিঙা অংশ সাতুৰি পাৰ হবলৈ বাধ্য হয়
- ফলত নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক
- স্থানীয় লোকে যুৱকজন উটি যোৱাৰ খবৰ পাই নিশাই যুৱকজনৰ উদ্ধাৰ অভিযান চলায় যদিও গাঁওবাসীয়ে নাপালে কোনো সন্ধান
- ইপিনে মঙলবাৰে পুৱাৰেপৰা SDRF বাহিনীয়ে যুৱকজনৰ সন্ধানত চলাই আছে উদ্ধাৰ অভিযান
- পিছে এতিয়ালৈকে পোৱা নাই যুৱকজনৰ সন্ধান
- স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, পথটোৰ চিঙা অংশ ইপাৰ-সিপাৰ হবলৈ সন্ধিয়া ৭ বজাৰ পৰা নাথাকে কোনো নাৱৰ ব্যৱস্থা
- ফলত মৰণত শৰণ দি সাতুৰি পাৰ হব লাগে পথটোৰ ছিঙা অংশটো