বৰপেটা, ৪ জুলাইঃ অসমকে মুখ্য কৰি উত্তৰ পূবৰ সাতভনীৰ ৰাজ্য কেইখনৰ চহকী সাংস্কৃতিক সম্পদ আৰু মনোমোহা বিচিত্ৰ থলুৱা আৰু জনজাতীয় সামগ্ৰীৰ আছে বিশ্বজোৰা খ্যাতি আৰু প্ৰচুৰ চাহিদা ৷ জনজাতীয় আৰু থলুৱাভাৱে প্ৰস্তুত কৰা বিবিধ সামগ্ৰীয়ে অতীজৰে পৰা বিশ্বৰ বিভিন্ন দেশত আদৰ লাভ কৰি আহিছে যদিও থলুৱাভাৱে উৎপাদিত সামগ্ৰী সমূহে আজিও পোৱা নাই উপযুক্ত বজাৰ ৷ অসমৰ লগতে সাতোৰাজ্যৰ বিবিধ জনজাতীয় আৰু থলুৱা সামগ্ৰী সমুহৰ বাবে বিশ্ব বানিজ্যৰ দুৱাৰ মুকলিৰ প্ৰচেষ্টাত ব্যস্ত কেইজনমান অসমীয়া যুৱক ৷

লগতে পঢ়কঃ ধেমাজি দুৰ্ঘটনাত সন্ধানহীন চালকৰ মৃতদেহ উদ্ধাৰ
বৰপেটাৰ ঐতিহ্যপূৰ্ণ কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ ধ্ৰুৱজ্যেতি ডেকাৰ নেতৃত্বত কৌশিক ভূঞা আৰু ভাস্কৰজ্যোতি ডেকাই 'ব্ৰহ্মপুত্ৰ ফেবুলচ্' নামৰ অনলাইন শ্বপিং সেৱাৰ জৰিয়তে থলুৱা সামগ্ৰীৰ এখন বৃহৎ বজাৰৰ দুৱাৰ মুকলি কৰিছে ৷ ২০১৭ চনত আৰম্ভ কৰা 'ব্ৰহ্মপুত্ৰ ফেবুলচ্ (Brahmaputra fables)' নামৰ অনলাইন শ্বপিং সেৱাৰ জৰিয়তে থলুৱা সামগ্ৰীয়ে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ শুৱালকুছিৰ পাট মুগা আৰু এৰী সূঁতাৰ পৰা উৎপাদিত বিবিধ বস্ত্ৰ, সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বিবিধ সামগ্ৰী, অসমীয়া গামোছাৰ লগতে জনজাতীয় বিবিধ বস্ত্ৰসম্ভাৰ, ত্ৰিপুৰাৰ জনজাতীয় লোকৰ বাঁহৰ সামগ্ৰী, মিজোৰাম, অসম আদি ৰাজ্যত বাঁহ, কাঠ, নাৰিকল, পানীমেটেকা আদিৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত অনলাইনযোগে বিক্ৰী কৰে 'ব্ৰহ্মপুত্ৰ ফেবুলচ্' সংস্থাটোৱে ৷
কিন্তু সমগ্ৰ বিশ্বৰ হেজাৰ হেজাৰ গ্ৰাহকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে কৰ'ণাই গ্ৰাস কৰিছে সংস্থাটোক ৷ লকডাউনৰ ফলত বহু লোকচানৰ সন্মুখীন হৈছে সংস্থাটো ৷ ফলত সংস্থাটোৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত হৈ থকা উত্তৰ পূবৰ প্ৰায় তিনিশ শিল্পীও আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ বিগত সময়ছোৱাত সংস্থাটোৰ সৈতে জড়িত শিল্পীসকলক আৰ্থিকভাৱে সুৰক্ষা দিবলৈ সক্ষম হৈছিল সংস্থাটো ৷ কিয়নো বিদেশলৈ পঠোৱা প্ৰতিটো সামগ্ৰীৰ মূল্য নিৰ্ধাৰন কৰে শিল্পীসকলে ৷ সামগ্ৰী বিক্ৰীৰ পৰা নামমাত্ৰ কমিচনহে আদায় কৰে সংস্থাটোৱে ৷ 'Brahmaputra fables' নামৰ সংস্থাটোৰ জৰিয়তে অসম আৰু উত্তৰ পূবৰ একাংশ যুৱকে আৰম্ভ কৰা বিশ্ব বানিজ্যৰ দুৱাৰ মুকলিৰ এই যাত্ৰা অব্যাহত থাকক ৷