ETV Bharat / state

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল

author img

By

Published : Jun 12, 2020, 4:31 AM IST

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলী আৰক্ষীয়ে চলাইছিল অভিযান ৷

8 robbers arrested by hauli police
8 robbers arrested by hauli police

বৰপেটা ১১ জুন : বৰপেটাৰ হাউলীত আৰক্ষীৰ বৃহৎ সফলতা ৷ হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলী আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানতে আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটো ৷ ডকাইত দলটোৰ পৰা উদ্ধাৰ প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ এটা সোণৰ মূৰ্তি ৷

8 robbers arrested by hauli police
জব্দকৃত সামগ্ৰী

ধৃত ডকাইত কেইজন হ'ল গোৱালপাৰাৰ ৰাখালডুবিৰ চফিউৰ ৰহমান, ৰকিবুল ইছলাম, চাহাজুল ইছলাম আৰু মুজাম্মিল হ'ক, মাৰকুল্লা কামাল বজাৰৰ মুক্তাৰ হুছেইন, আব্ৰাভিঠা গাঁৱৰ নুৰ আহচান আৰু বালাৰভিঠা গাঁৱৰ চানিদুল ইছলাম ৷ আনহাতে বঙাইগাঁওৰ ধনতোলাৰ ৰফিকুল ইছলামকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

8 robbers arrested by hauli police
হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল

ডকাইতকেইজনৰ পৰা উদ্ধাৰ নগদ ৪০,৫০০ টকা ৷ ডকাইত দলটোৰ পৰা টকাৰ আকৃতিৰ তিনিটা কাগজৰ বাণ্ডিলো উদ্ধাৰ ৷ দলটোৰ পৰা ডকাইতিত ব্যৱহৃত কিছু সৰঞ্জাম, ৮টা ম'বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷ দুখন অল্টোত আহিছিল ডকাইতৰ দলটো ৷ এখন গাড়ীৰ নম্বৰ AS-01- LC-6537 আৰু আনখন গাড়ী নম্বৰপ্লেটবিহীন ৷

8 robbers arrested by hauli police
ডকাইতৰ পৰা জব্দ কৰা অল্টো দুখন

অল্টো গাড়ীদুখন জব্দ কৰিছে আৰক্ষীয়ে ৷ ৮জনীয়া দূধৰ্ষ ডকাইতৰ দলটোৰ গ্ৰেপ্তাৰক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ হাউলী আৰক্ষীৰ এই সফলতাক ধন্যবাদ জনাইছে হাউলীৰ ৰাইজে ৷ ইতিমধ্যে ডকাইতৰ দলটোৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ন্যায় অবিহনে দুবছৰ সম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.