বৰপেটা, 24 মাৰ্চ: ৰাজ্যত 6 এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বৰপেটা জিলাৰ ৬ টা বিধান সভা সমষ্টিত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ ইতিমধ্যে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰসমুহ পৰীক্ষাৰ পিছত আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰা হৈছে ৷ মঙলবাৰে বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই কথা সদৰি কৰে ৷
জিলা উপাযুক্তই জানিবলৈ দিয়া মতে, বৰপেটা জিলাৰ সৰভোগ বিধান সভা সমষ্টিত ১০ গৰাকী, বৰপেটা সমষ্টিত ৬ গৰাকী, জনীয়া সমষ্টিত ১২ গৰাকী, বাঘবৰ সমষ্টিত ১০ গৰাকী, সৰুক্ষেত্ৰী সমষ্টিত ১২ গৰাকী আৰু চেঙা বিধান সভা সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ জিলাখনৰ কোনো এটা সমষ্টিৰ এজনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই ৷ বুধবাৰৰ পৰা জিলাখনত ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু বয়োজ্যেষ্ঠ ভোটাৰসকলৰ ভোট গ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷
লগতে পঢ়ক-দেশজুৰি ঘোষণা কৰা লকডাউনৰ এটা বছৰ