বৰপেটা,26 ছেপ্তেম্বৰঃ "হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে, পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি" ৷ ভক্তিৰসেৰে মুখৰিত ৰাজ্যৰ সকলো সত্ৰ-নামঘৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী বৰপেটাত সত্ৰীয়া ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে ক'ভিড প্ৰট'কল মানি পালন কৰা হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ৷ শনিবাৰে নাম-প্ৰসংগৰ লগতে হৰিনাম কীৰ্তনৰ ধ্বনিত ডুব যায় সত্ৰনগৰী বৰপেটাৰ চৌদিশ ৷
![572th Birth Festival of Srimanta Sankardeva at Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-801to805-26sept-sankardev-janmotsab-visbitephoto-7203841_26092020093759_2609f_1601093279_60.jpg)
সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই- মাতৃসকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷ ইপিনে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভকত-বৈষ্ণৱ,আই-বাপসকলে পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে এপাক প্ৰদক্ষিণ কৰাৰ লগতে সত্ৰৰ সন্মুখৰ তিনিওটা বাটচ'ৰা প্ৰদক্ষিণ কৰে ৷
আনহাতে ,বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱাঘাট সত্ৰ আদিকে ধৰি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ নামঘৰতে অনুষ্টুপীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয় ৷
লগতে পঢ়কঃ পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত