জনীয়া, ২৫ মে: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া চৰকাৰী ডাকবাংলাত কাঠ চুৰি কৰা কেন্দ্ৰক লৈ চাঞ্চল্যৰ সৃষ্টি । চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে চুৰিকাণ্ডৰ অভিযোগ ৷ যাৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰিছে স্থানীয় ৰাইজ । ৰাইজৰ তৎপৰতাত জব্দ কৰা হয় ডাক বাংলাৰ কাঠ সহ চাৰিটা ঠেলা । আতোৱাৰ ৰহমান আৰু জাহেৰ আলি নামৰ দুই কৰ্মচাৰীৰ বিৰুদ্ধে কাঠখিনি নিজ গৃহলৈ নিয়াৰ অভিযোগ ৷
ঠেলা বাহনৰ চালকে জানিব দিয়া মতে নতুন গৃহ নিৰ্মাণৰ পিছত পুৰণি গৃহৰ সামগ্ৰীখিনি মজুত কৰি ৰখা আছিল । কিন্তু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজনে গোপনে এই সামগ্ৰী সমূহ স্থগত কৰাৰ চেষ্টা চলাইছিল । লক্ষ্যণীয় যে, ঘটনাটো কলগাছিয়া আৰক্ষী থানাৰ ১০০ মিটাৰ নিলগত সংঘটিত হৈছে । পিচত সাংবাদিকৰ উপস্থিতি উমান পাই আতোৱাৰ ৰহমান আৰু জাহেৰ আলি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।