ETV Bharat / state

২৪ ঘন্টাত বৰপেটা আৰক্ষীৰ জালত 4 টাকৈ চোৰ - Barpeta

বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক হৈছে চাৰিটাকৈ চোৰ ৷ আটক হোৱা চোৰকেইটা ক্ৰমে ফুলচান আলী, নজমূল হক, নৱজিৎ দাস আৰু ভগৱান মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

4-thief-arrested-in-barpeta
বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক 4 চোৰ
author img

By

Published : May 10, 2021, 4:03 PM IST

বৰপেটা ১০ মে': বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনী ৷ বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক হৈছে চাৰিটাকৈ চোৰ ৷ আটক হোৱা চোৰকেইটা ক্ৰমে ফুলচান আলী, নজমূল হক, নৱজিৎ দাস আৰু ভগৱান মজুমদাৰ ৷ ইয়াৰে নজমূল হক নামৰ চোৰটোৱে বিলাসী বাহনেৰে ছাগলী চুৰি কৰি থকা সময়তে আৰক্ষীৰ হাতত ধৰা পৰে ৷ সোমবাৰে পুৱা ছুইফ্ট ডিজায়াৰ গাড়ীলৈ ছাগলী চুৰি কৰি থকা অৱস্থাতে বিলাসী বাহনসহ নজমূল হকক আটক কৰে আৰক্ষীয়ে ৷

বৰপেটা আৰক্ষীৰ অভিযানত ২৪ ঘন্টাৰ ভিতৰত আটক 4 চোৰ

একেদৰে ফুলচান আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এখন মাৰুতিসহ তিনিখন চুৰি মটৰ চাইকেল ৷ আনহাতে নৱজিৎ দাসৰ ঘৰৰ পৰা চুৰি ফেন, পানী তোলা মটৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ লগতে ভগৱান মজুমদাৰ নামৰ চোৰটোৱে মন্দিৰৰ প্ৰণামী চুৰি কৰি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰতে চাৰিটাকৈ চোৰ আটক কৰা ঘটনাক বৃহৎ সফলতা বুলি দাবী কৰিছে ৷

লগতে পঢ়ক: ৰহস্যজনক ভাৱে গংগা নদীত ওপঙিছে অৰ্ধশতাধিক মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.