বৰপেটা, 7 আগষ্টঃ বৰপেটা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলাৰ চাংসাৰীৰ 3 যুৱকসহ এটি কিশোৰ ৷ বৰপেটাৰ নখান্দা দলঙৰ সমীপত আৰক্ষীয়ে আটক কৰে দলটোক ৷ দলটোৰ পৰা AS-01-V-4546 নম্বৰৰ এপল' ক্ৰছ গাড়ীখনৰ পৰা খুকুৰী, লাঠি আৰু অন্যান্য বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা বাবেই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱককেইজনক ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে কামৰূপৰ চাংসাৰী গোপেশ্বৰাৰ চাহাদৎ হুছেইন, 1নং জলাহ গাৱৰ মনোৱাৰ আলী, বাইহাটা চাৰিআলীৰ মুন্না আলী আৰু চাংসাৰীৰ আন এটি কিশোৰ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে আৰক্ষীয়ে তালাচী চলাই আটক কৰিবলৈ সক্ষম হয় যুৱককেইজনক ৷ বৰপেটাৰ সীমান্ত শাখাৰ ডিএচপি অমৃত কলিতাৰ নেতৃত্বত আটক দলটোক৷
চাংসাৰীৰ 3 যুৱকসহ আটক এটি কিশোৰ - assam news
আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে কামৰূপৰ চাংসাৰী গোপেশ্বৰাৰ চাহাদৎ হুছেইন, 1নং জলাহ গাৱৰ মনোৱাৰ আলী, বাইহাটা চাৰিআলীৰ মুন্না আলী আৰু চাংসাৰীৰ আন এটি কিশোৰ
বৰপেটা, 7 আগষ্টঃ বৰপেটা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলাৰ চাংসাৰীৰ 3 যুৱকসহ এটি কিশোৰ ৷ বৰপেটাৰ নখান্দা দলঙৰ সমীপত আৰক্ষীয়ে আটক কৰে দলটোক ৷ দলটোৰ পৰা AS-01-V-4546 নম্বৰৰ এপল' ক্ৰছ গাড়ীখনৰ পৰা খুকুৰী, লাঠি আৰু অন্যান্য বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা বাবেই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱককেইজনক ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে কামৰূপৰ চাংসাৰী গোপেশ্বৰাৰ চাহাদৎ হুছেইন, 1নং জলাহ গাৱৰ মনোৱাৰ আলী, বাইহাটা চাৰিআলীৰ মুন্না আলী আৰু চাংসাৰীৰ আন এটি কিশোৰ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে আৰক্ষীয়ে তালাচী চলাই আটক কৰিবলৈ সক্ষম হয় যুৱককেইজনক ৷ বৰপেটাৰ সীমান্ত শাখাৰ ডিএচপি অমৃত কলিতাৰ নেতৃত্বত আটক দলটোক৷
বৰপেটা, ৬ আগষ্টঃ বৰপেটা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলাৰ চাংসাৰীৰ ৩ যুৱকসহ এটি কিশোৰ ৷ বৰপেটাৰ নখান্দা দলঙৰ সমীপত আৰক্ষীয়ে আটক কৰে দলটোক ৷ আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে কামৰূপ জিলাৰ চাংসাৰী গোপেশ্বৰাৰ চাহাদৎ হুছেইন, ১নং জলাহ গাৱৰ মনোৱাৰ আলী, বাইহাটা চাৰিআলীৰ মুন্না আলী আৰু চাংসাৰীৰ আন এটি কিশোৰ ৷ দলটোৰ পৰা জব্দ AS 01V 4546 নম্বৰৰ এখন এপল' ক্ৰছ গাড়ী ৷ Body:গাড়ীখনৰ ভিতৰত বহি থকা অৱস্থাত যুৱকৰ দলটোক আটক কৰে আৰক্ষীয়ে ৷ গাড়ীখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে খুকুৰী, লাঠি আৰু আন সামগ্ৰী ৷ কোনো অপৰাধ সংঘটিত কৰাৰ উদ্দেশ্যৰে চাংসাৰীৰ পৰা আহি দলটোৱে বাহৰ পাতিছিল বৰপেটা চহৰত ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নিৰ্দেশক্ৰমে আৰক্ষীয়ে তালাচী চলাই আটক কৰিবলৈ সক্ষম হয় যুৱককেইজনক ৷ বৰপেটাৰ সীমান্ত শাখাৰ ডিএচপি অমৃত কলিতাৰ নেতৃত্বত আটক দলটো ৷ আনহাতে দলটোক নেতৃত্ব দিয়া বৰপেটাৰ যুৱকজন আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷ কি উদ্দেশ্যৰে বৰপেটাত বাহৰ পাতিছিল দলটোৱে সেই কথা স্বীকাৰ কৰা নাই এইমুহুৰ্তলৈ ৷ সম্প্ৰতি অব্যাহত আছে আৰক্ষীৰ জেৰা ৷
Conclusion:বাইটঃ ডিএচপি, অমৃত কলিতা, সীমান্ত শাখা, বৰপেটা ৷
--- বাপকন দাস, বৰপেটা