বৰপেটা, ৫ মে: বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ১৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ বুধবাৰে বৰপেটাৰ সমীপৰ ভেল্লা গাঁৱৰ কালজাহী ৰিজাৰ্ভত খিলঞ্জীয়া মুছলমান আৰু বংগীয় মূলৰ মুছলমানৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ ইতিমধ্যে বৰপেটা আৰক্ষীয়ে ১৯ জনক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে ছোলেমান মিঞা, আমিনুল আলী, নাছিৰ খান, ছাইফুল খান, নাজিৰুল খান, আবিজুৰ খান, ছৰিফুল খান, হাছানুৰ আলী, ইনজামুল খান, মছেৰ আলী, বাবুল খান, ব'ৰহান মোল্লা, ৰাজিবুল খান, জাহিদুল ইছলাম, ছাহেব মল্লিক, বাবুল আলী, আমিনুল আলী, ৰমজান মল্লিক আৰু আমিৰ খান ৷
ঈদ উপলক্ষে পতা জুৱা খেল বন্ধ কৰিবলৈ যোৱা একাংশ খিলঞ্জীয়া মুছলমান লোকৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বংগীয়মূলৰ মুছলমান যুৱকে (Gambling in eid lead communal clash) ৷ এই আক্ৰমণৰ ঘটনাটোত পুৰুষ মহিলাকে ধৰি খিলঞ্জীয়া মুছলমান পক্ষৰ ১২ গৰাকী আৰু বংগীয় মুছলমান পক্ষৰ ৫ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ৷ ইয়াৰে, গুৰুতৰভাৱে আহত বুবুল ওজা আৰু জিণ্টু ওজাক বুধবাৰে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
অভিযোগ অনুসৰি, দা-কুঠাৰ, যাঠি-জোং লৈ বংগীয় মুছলমানসকলে খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত চলাইছিল বৰ্বৰ আক্ৰমণ ৷ ঘটনাটোৰ পিচতে আৰক্ষীয়ে ২৬ জন লোকক সোধ-পোচৰ বাবে আটক কৰিছিল ৷ যদিও ইয়াৰে বাকী সকলক যাবলৈ দি ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ১৯ জনক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (19 arrested in communal clash of Barpeta) ৷
বৃহস্পতিবাৰে অভিযুক্তসকলক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ অৱশ্যে, ঘটনাটেৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷ মন কৰিব লগীয়া যে, খিলঞ্জীয়া মুছলমান আৰু বংগীয় মুছলমানৰ মাজত সৃষ্টি হোৱা এই সংঘাতে অকল বৰপেটাই নহয়, ৰাজ্যৰ বিভিন্ন মহলক জোকাৰি গৈছে ৷ হৈ যোৱা ঘটনাটোক লৈ এতিয়াও অঞ্চলটোত চেঁপা উত্তেজনা অব্যাহত আছে (suspense over communal clash in Barpeta) ৷
লগতে পঢ়ক : দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?