ETV Bharat / state

বৰপেটা জিলা কাৰাগাৰৰ 14 গৰাকী কাৰাবন্দী ক’ভিড পজিটিভ

author img

By

Published : Jul 26, 2020, 5:34 AM IST

বৰপেটা জিলা কাৰাগাৰত ৰেপিড এন্টিজেন টেষ্টৰ পাচত শুকুৰবাৰে 3 গৰাকী আৰু শনিবাৰে পুনৰ 11 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ উপস্থিতি ৷

14 inmates of Barpeta District Jail are Covid positive

বৰপেটা, 26 জুলাই : শেহতীয়াকৈ বৰপেটা জিলা কাৰাগাৰৰ 14 গৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি কথা ৷ জিলা কাৰাগাৰত ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পাচতেই শুকুৰবাৰে 3 গৰাকী আৰু শনিবাৰে পুনৰ 11 গৰাকী কাৰাবন্দীক ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত কৰা হয় ৷ বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে নিশ্চিত কৰিছে এই কথা ৷

ক’ভিড পজিটিভ বৰপেটা জিলা কাৰাগাৰৰ 14 গৰাকী কাৰাবন্দী

ইতিমধ্যে ক’ভিড পজিটিভ কাৰাবন্দী সকলক কাৰাগাৰৰ ভিতৰতেই প্ৰদান কৰা হৈছে কৰ’ণাৰ চিকিৎসা ৷ লগতে বৰপেটা জিলা কাৰাগাৰত স্থাপন কৰা হৈছে আইচ'লেচন ৱাৰ্ডও ৷

মুঠ 46 গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ স্থাপন কৰা আইচ'লেচন ৱাৰ্ডত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড ইউনিটৰ চিকিৎসকে কাৰাগাৰত উপস্থিত হৈ নিয়মীয়াকৈ চলাই আছে চিকিৎসা ৷

অৱশ্যে এগৰাকী বয়োজ্যেষ্ঠ কাৰাবন্দীক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ক’ভিড ইউনিটত ভৰ্তি কৰোৱা হৈছে ৷ বৰপেটাত বিগত 24 ঘন্টাত 36 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ ভাইৰাছ ৷ এই পৰ্যন্ত জিলাখনত মুঠ 768 গৰাকী ক’ভিড-19 আক্ৰান্ত ৰোগীৰ ভিতৰত 125 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷

লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.