ETV Bharat / state

Flood at Jania: বাঢ়নী পানীত পৰি 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু

author img

By

Published : Jun 19, 2022, 1:27 PM IST

নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ কবলত পৰিছে বৰপেটাৰ জনীয়াৰ কেবাটাও অঞ্চল (Artificial flood at Jania) ৷ বাঢ়নী পানীত পৰি এগৰাকী 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু হয় (12 year boy died in flood at jania) ৷

বাঢ়নি পানীত পৰি 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু
বাঢ়নী পানীত পৰি 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু

জনীয়া, 19 জুন : ৰাজ্যজুৰি বানৰ সংহাৰ (Assam flood 2022) ৷ নেৰা নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ কবলত পৰিছে বৰপেটাৰ জনীয়াৰ কেবাটাও অঞ্চল (Artificial flood at Jania) ৷ বাঢ়নী পানীত পৰি এগৰাকী 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু হয় (Boy died in flood at jania) ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ গাজিবাৰ ৰহমানৰ ১২ বছৰীয়া পুত্ৰ মৰাণ আলী শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল (Boy Missing at Jania) ৷ দেওবাৰে পুৱা নিজৰ বাসগৃহৰ পিছফালৰ এখন নদীত সন্ধানহীন কিশোৰটোৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷

লগেলগে পৰিয়ালৰ লোকে বৰভিঠা আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মৰাণ ঘৰখনৰ একমাত্ৰ সন্তান আছিল ৷ সম্প্ৰতি কিশোৰটোৰ পৰিয়ালত তথা অঞ্চলজুৰি গভীৰ শোকৰ ছাঁই বিৰাজ কৰিছে ৷

অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰাৰ বাবে কাতৰ আহ্বান জনাইছে ওচৰ চুবুৰীয়া ৰাইজে ৷

লগতে পঢ়ক: শিহৰণকাৰী! নৈৰ কোবাল সোঁতে উটুৱাই লৈ গ'ল মটৰ চাইকেলসহ এজন যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.