বৰপেটা, ২৭ মে': অসমৰ প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাইছে মহমাৰীত আক্ৰান্ত আৰু নিহতৰ সংখ্যা । বুধবাৰে জিলাখনত নতুনকৈ ১৭৯ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । বিপৰীতে পুনৰ এজন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় । ইয়াৰ সৈতে জিলাখনত মৃত লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হয়গৈ ।
![barpeta covid death case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-05to06-26may-1-covid-patient-death-at-barpeta-as10038_26052021193725_2605f_1622038045_284.png)
বৰপেটাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৪৯৭৮ জনলৈ বৃদ্ধি ৷ মুঠ আক্ৰান্তৰ হাৰ হৈছে ৪·০৪ শতাংশ । ইপিনে উক্ত দিনটোলৈকে বৰপেটাত মুঠ ২৭৮২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বুধবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১০৫ গৰাকী ৷ একেটা দিনতে জিলাখনত ৪৪২৫ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয় । ইয়াৰে ভিতৰত ১৭৯ জন লোকৰ দেহত ধৰা পৰে মহমাৰীৰ অৱস্থিতি ।
লগতে পঢ়ক: অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন