বাক্সা, 2 ছেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ সৌৰাগুৰী নিবাসী পৰেশ ৰাজবংশী আৰু নীলিমা ৰাজবংশীৰ জেষ্ঠ্য পুত্ৰ, জনপ্ৰিয় ইউটিউৱ চেনেল ভইচ আছামৰ ''তেলচুৰা'' ৰ স্ক্ৰীপ্ট ৰাইটাৰ, অভিনেতা, পৰিচালক জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ পৰলোকপ্ৰাপ্তি । গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা প্ৰায় ১১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাসম্পন্ন অভিনেতা গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৬ বছৰ । নিশাই তেওঁৰ মৃতদেহ লৈ অনা হয় সৌৰাগুৰীস্থিত নিজ বাসগৃহলৈ। জিতুলৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ তামুলপুৰ মহকুমাত শোকৰ ছাঁ পেলাইছে । তেওঁ এগৰাকী শিল্পী হোৱাৰ উপৰিও স্নাতক ডিগ্ৰীধাৰী এগৰাকী টেট শিক্ষকো আছিল ।
আনহাতে, ৰাজবংশীৰ মৃত্যুত কান্দোনত ভাঙি পৰিছে 'তেলচুৰা'' গ্ৰুপৰ শিশু শিল্পী কৰণ ডেকা, সাগৰিকা ৰাজবংশী তথা ভয়চ আছামৰ শিল্পীসহ অজস্ৰ গুণমুগ্ধ । উল্লেখযোগ্য যে, তেওঁ পেঙ্ক্ৰিয়াইটিছত কৰ্কট ৰোগত আক্ৰান্ত হৈ অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ চেন্নাইৰ পৰা উভতি আহিছিল । মঙলবাৰে পুৱা সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ৷
লগতে পঢ়কঃ অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত