ETV Bharat / state

উত্তপ্ত চামগুৰি: ক্ষুব্ধ মহিলাই অৱৰোধ কৰিলে চিলিণ্ডাৰ ভৰ্তি ট্ৰাক - ক্ষুব্ধ মহিলাই অৱৰোধ কৰিলে চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

শুকুৰবাৰে নিশা চামগুৰিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ক্ষোভিত মহিলাই পথত অৱৰোধ কৰিলে এল পি জি ইন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক(Road of samguri blocked by local women) ৷

a road of samguri blocked by local women
উত্তপ্ত চামগুৰি: ক্ষুব্ধ মহিলাই অৱৰোধ কৰিলে চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
author img

By

Published : Sep 24, 2022, 9:13 PM IST

চামগুৰি,24 ছেপ্টেম্বৰ: চামগুৰি সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভৰাগুৰি সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথৰে “নিশিকা ৰোডলাইন এল পি জি বটলিং প্লেন্ট” নামৰ এটা কোম্পানীৰ গধুৰ যান বাহন অহা-যোৱা কৰি অহাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মহিলাসকলে দীৰ্ঘদিন ধৰি গ্ৰহণ কৰি আহিছিল পথ অৱৰোধৰ কাৰ্যসূচী(a road of samguri blocked by local women) ৷ কাৰণ , ৪০ টন ওজনৰ গধুৰ চিলিণ্ডাৰ ভৰ্তি দ্ৰুতবেগী বাহনে ১১ টন বহন ক্ষমতা সম্পন্ন পথটোৰ অৱস্থা কৰি পেলাইছিল জৰাজীৰ্ণ ৷ তদুপৰি ইয়ে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি ৷

উত্তপ্ত চামগুৰি: ক্ষুব্ধ মহিলাই অৱৰোধ কৰিলে চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

যাৰ বাবে স্থানীয় ৰাইজে গ্ৰহণ কৰি আহিছিল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে সাময়িকভাৱে তিনি মাহলৈ গাড়ী সমূহৰ অহা যোৱা বন্ধ কৰি ৰাখিছিল ৷ কিন্তু শুকুৰবাৰৰ নিশা সুৰামত্ত স্থানীয় গাড়ী চালক ৰিন্টু বৰাই স্থানীয় লোক ভদ্ৰেশ্বৰ বৰাৰ সহযোগত প্ৰতিবাদকাৰী মহিলা তথা ৰাইজৰ বাধা-নিষেধক অংগুষ্ঠ প্ৰদৰ্শন কৰি জোৰ-জবৰদস্তি প্লান্টৰ গাড়ী সেই পথেৰে চলোৱাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Local people blocked a road of Samguri)৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, চিলিণ্ডাৰভৰ্তি দ্ৰুতবেগী যান বাহনসমূহ উক্ত পথেৰে পাৰহৈ যোৱাৰ সময়ত কঁপি উঠে পথৰ দাঁতিত থকা গঞাঁ ৰাইজৰ বাসগৃহ ৷ আনকি বহু গঞাৰ বাসগৃহৰ দেৱালত ছিৰাল-ফাঁট দিয়া বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । আকস্মিক দুৰ্ঘটনা তথা অনাকাংক্ষিত বিপদৰ আশংকা বুকুত বান্ধি দীৰ্ঘদিনে পথছোৱাৰে যাতায়ত কৰিবলগীয়া হৈছে কণ-কণ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ গঞা ৰাইজ(Local women blocking road to stop movement of Heavy vehicles)।

উপায়ন্তৰ হৈ গাঁৱৰ ক্ষুদ্ধ মহিলাসকলে পথটোৰে গধুৰ যানবাহন চলাচল বন্ধ কৰাৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে গ্ৰহণ কৰিছিল পথ অৱৰোধৰ কাৰ্যসূচী । কিন্তু গঞাৰ সুবিধা-অসুবিধাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি গেছ চিলিণ্ডাৰ ভৰ্ত্তি ট্ৰাক গাঁৱৰ মাজেৰে চলাচল কৰিব বিচৰা বিষয়টোতে ক্ষোভিত হৈ পৰে গাঁৱৰ মহিলাসকল আৰু পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

লগতে পঢ়ক: এতিয়াৰে পৰা ভোটাৰ কাৰ্ডত সম্পৰ্কীয় ব্যক্তিৰ নামৰ পৰিৱৰ্তে থাকিব পিতৃ অথবা স্বামীৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.