ETV Bharat / state

বাক্সাত বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু

author img

By

Published : Jul 20, 2020, 12:59 PM IST

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দাউৰাইঝাৰত মৃত অৱস্থাত সোমবাৰে পুৱা এটা বনৰীয়া হাতী প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ বিদ্যুৎ স্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

Wild Elephant death indo bhutan border of baksa assam etv bharat news
বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু

বাক্সা,20 জুলাই: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দাউৰাইঝাৰত মৃত্যু ঘটিছে এটা বনৰীয়া হাতীৰ ৷ অঞ্চলটোৰ পূৱ গৈৱাৰীত মৃত অৱস্থাত সোমবাৰে পুৱা হাতীটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে হাতীটোৰ ৷

বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু

ঘটনা প্ৰসংগত স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দেওবাৰে নিশাৰ ভাগত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাহাৰৰ পৰা নামি আহিছিল এজাক বনৰীয়া হাতী ৷ হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত মুক্ত বিচৰণ কৰি আছিল উক্ত অঞ্চলত ৷ উক্ত জাকটোৰ পৰাই ফালৰি কাটি অহা এটা হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ ধাৰণা কৰা হৈছে । উল্লেখ্য যে,বিগত বৰ্ষতো উক্ত অঞ্চলত এজনী মাইকী বনৰীয়া হাতীৰ মৃত্যু ঘটিছিল । ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় সুৱাগপুৰ আৰক্ষী চকীৰ বিষয়া ৰাজেন বড়োৰ লগতে স্থানীয় বন বিভাগৰ লোক ৷

লগতে চাওকঃ দুই ভুৱা চিকিৎসকে মিলি চলাই আছিল ব্যক্তিগত চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.