ETV Bharat / state

পচন্দৰ প্ৰাৰ্থী বিচাৰি বৰমাত ইউপিপিএল কৰ্মীৰ ক্ষোভ - 62 নং বৰমা সমষ্টি

বাক্সাৰ 62 নং বৰমা সমষ্টিৰ অন্তৰ্গত বাগানপাৰাত ইউপিপিএল দলৰ কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী ৷ বৰমা বিধানসভা সমষ্টিত ইউপিপিএলৰ সমৰ্থকে মানি নলয় নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব ৷

uppl workers of barama constituency protest demanding candidate of their choice

author img

By

Published : Mar 7, 2021, 6:45 PM IST

বাক্সা, 7 মাৰ্চ: বাক্সা জিলাৰ বৰমা বিধানসভা সমষ্টিত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব আনুষ্ঠানিকভাৱে ঘোষনা নহ'লেও সমষ্টিটোত এই লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিজেপি দলৰ কৰ্মীয়ে নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰাৰ পাছতে নৱ কুমাৰ শৰণীয়াক সমষ্টিটোৰ পৰা কোনো কাৰণতে প্ৰাৰ্থীত্ব নিদিয়াৰ হুংকাৰ দি ইউপিপিএল দলৰ কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

পচন্দৰ প্ৰাৰ্থী বিচাৰি বৰমাত ইউপিপিএল কৰ্মীৰ ক্ষোভ

বৰমা সমষ্টিত শৰণীয়াৰ প্ৰাৰ্থীত্ব মানি নোলোৱাৰ হুংকাৰ দি ইউপিপিএলৰ কৰ্মী সকলে প্ৰয়োজনত নিৰ্দলীয় হিচাপে হ'লেও সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভ দেওবাৰে আজি 62 নং বৰমা সমষ্টিৰ অন্তৰ্গত বাগানপাৰাত ইউপিপিএল দলৰ শতাধিক সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰি জিএছপিৰ প্ৰাৰ্থী মানি নলও, নৱ কুমাৰ শৰণীয়াক নালাগে, অনন্ত ৰামচিয়াৰীক টিকট দিয়ক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ সম‍ষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে অনন্ত ৰামচিয়াৰীক টিকট প্ৰদানৰ দাবী জনোৱাৰ লগতে টিকট নাপালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে বুলি সমৰ্থক সকলে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া প্ৰথম অবড়ো দলৰ হৈ সাংসদ হোৱাৰ পাছত জিএছপি (গণ সুৰক্ষা পাৰ্টি) নাম দি নিৰ্বাচনত জয়ী হৈছিল আৰু এতিয়াও সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ কিন্তু, এইবাৰ অসম বিধান সভা নিৰ্বাচনত 62 নং বৰমা সমষ্টিত নৱ কুমাৰ শৰণীয়াই ইউপিপিএল, জিএছপি আৰু বিজেপি মিত্ৰজোঁটৰ পৰা টিকট বিচৰা কাৰ্যক ইউপিপিএল আৰু বিজেপিৰ সমৰ্থক সকলে সহজভাৱে ল'ব নিবিছৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.