ETV Bharat / state

প্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল

author img

By

Published : Jul 24, 2020, 3:19 PM IST

Updated : Jul 24, 2020, 5:03 PM IST

কিছুদিন পূৰ্বে তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে বিটিচিৰ দুৰ্নীতিৰ তদন্তৰ পূৰ্বে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ ওপৰতহে তদন্ত হ'ব লাগে বুলি এক মন্তব্য কৰিছিল । প্ৰাক্তন বিধায়কগৰাকীৰ এই মন্তব্যৰ পাছতে নেতাগৰাকীক ওভতি ধৰিছে ইউ পি পি এলে । ইউ পি পি এলৰ সাংগঠনিক সম্পাদক মুজিব আলীয়ে প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ক এজন অকৰ্মণ্য নেতাৰ লগত তুলনা কৰি তেওঁক হাগ্ৰামা মহিলাৰীৰ এজন তোষামোদকাৰী বুলিহে অভিহিত কৰিলে ।

UPPL reaction on chandi basumatary's comment
প্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল

বাক্সা,২৪ জুলাই: তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক সমালোচনা কৰাৰ পিছতে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউ পি পি এলে । ইউ পি পি এলৰ সাংগঠনিক সম্পাদক মুজিব আলীয়ে বহুকেইটা বিস্ফোৰক মন্তব্যৰে চণ্ডী বসুমতাৰীক কৰিলে তীব্ৰ সমালোচনা ।

চণ্ডী বসুমতাৰীক তামুলপুৰৰ ৰাইজে এজন অকৰ্মণ্য বিধায়ক হিচাপেহে চিনি পাইছিল । এই গৰাকী প্ৰাক্তন বিধায়কৰ দিনত সমষ্টি বাসীৰ বাবে কি উন্নতি হৈছিল, সেয়া ৰাইজে নিজেই ক'ব । মাথো এবছুৰ চত্ৰছায়াতহে অতি সহজতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল এইজন অকৰ্মন্য নেতাই । কলে ইউ পি পি এলৰ সাংগঠনিক সম্পাদক গৰাকীয়ে ।

"২০১৬ চনত ইউ পি পি এলৰ হৈ নিৰ্বাচন খেলি বিধায়ক হোৱাৰ সপোন দেখি সেই সময়ত চণ্ডী বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীক কৰিছিল তীব্ৰ সমালোচনা । এইজন দুমুখীয়া নেতাই এতিয়া মহিলাৰীৰ শৰণাপন্ন হৈ কৰিছে তোষামোদ ।" এইধৰণে ক'লে মুজিব আলীয়ে ।

ইউ পি পি এলৰ সাংগঠনিক সম্পাদক গৰাকীয়ে এই বুলিও উল্লেখ কৰিলে যে,এতিয়া হাগ্ৰামা মহিলাৰীৰ নাৱৰ অৱস্থা ডুবু ডুবু । সেয়েহে কিছুদিন পূৰ্বে গৈয়বাৰী সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেবেন বড়ো আৰু বিধায়ক ইমানুৱেল মুছাহাৰী পালেগৈ বিজেপি । একেধৰণে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে যোগ দিলেগৈ গণ সুৰক্ষা পাৰ্টিত । এতিয়া গৈয়বাৰী সমষ্টিটোত এজন নেতাৰ প্ৰয়োজন হোৱা হেতুকে হাগ্ৰামা মহিলাৰীয়ে চণ্ডী বসুমতাৰীক ব্যৱহাৰ কৰিছে মাত্ৰ হাঠিয়াৰ হিচাবেহে ।

আগন্তুক বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োক গৈয়বাৰী সমষ্টিৰ ভোটাৰে সৰ্বকালৰ আটাইতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাই আনিব বুলি দাবী কৰি প্ৰমোদ বড়োৰ লগত চণ্ডী বসুমতাৰীৰ দৰে অকৰ্মন্য নেতাৰ কোনো তুলনা নহয় বুলি কলে ইউ পি পি এলৰ সাংগঠনিক সম্পাদক গৰাকীয়ে ।

লগতে চাওকঃ আজি ৰায়দানৰ সম্ভাৱনা পাইলট বাহিনীৰ আবেদনৰ

Last Updated : Jul 24, 2020, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.