ETV Bharat / state

বাক্সাৰ আঠিয়াবাৰীত বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ

author img

By

Published : Dec 8, 2020, 11:03 AM IST

ভোটদান সমাপ্ত হোৱাৰ পাচতে বাক্সা জিলাৰ আঠিয়াবাৰীত বিপিএফ নেতা শীতল ৰামচিয়াৰীক আক্ৰমণ কৰে কোনো অজ্ঞাত লোকে ৷ সমগ্ৰ ঘটনা আঁৰত ইউপিপিএল দলৰ সমৰ্থকৰ হাত আছে বুলি অভিযোগ কৰে বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে ৷

বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ
বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ

বাক্সা, 8 ডিচেম্বৰ: বাক্সা জিলাৰ আঠিয়াবাৰীত ভোটদান সমাপ্ত হোৱাৰ পাচতে এগৰাকী লোকক প্ৰহাৰ ৷ প্ৰহাৰৰ ফলত মূৰত গুৰুতৰভাৱে আঘাত পায় লোকগৰাকীয়ে ৷ লোকগৰাকী বিপিএফ নেতা শীতল ৰামচিয়াৰী বুলি জানিব পৰা গৈছে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে সংকটজনক অৱস্থাত নেতাগৰাকীক মুছলপুৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷ কিন্তু তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

বাক্সাৰ আঠিয়াবাৰীত বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ

পৰাজয়ৰ আশংকাত ভুগি ইউপিপিএল দলৰ সমৰ্থকে অতৰ্কিতে বিপিএফ নেতাগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মুছলপুৰ জিলা বিপিএফ দলে মুছলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ আঠিয়াবাৰীত ৷

লগতে পঢ়ক: পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিব: ৰিমল আমচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.