বাক্সা,11আগষ্টঃ এখন অভিশপ্ত ঘৰ ৷ এসময়ত গিজগিজাই থকা পৰিয়াল এটাত এতিয়া নিমাওমাও পৰিবেশ ৷ হাবি জংঘলে আগুৰি ধৰিছে সমগ্ৰ ঘৰখনৰ চৌদিশ ৷ বাক্সা জিলাৰ বৰমাত আছে এই অভিশপ্ত ঘৰখন ৷
উল্লেখ্য যে ১৯৯৮ চনৰ ১১ আগষ্টৰ নিশা গুপ্তঘাটকৰ নিৰ্মম আক্ৰমণত একেতা পৰিয়ালৰ প্ৰাণ গৈছিল চাৰি সদস্যৰ ৷ নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে সংঘটিত হৈছিল আক্ৰমণটো ৷ বুলেটৰ গুলীয়ে প্ৰাণ কাঢ়ি নিছিল আলফাৰ প্ৰচাৰ সচীব মিথিংগা দৈমাৰীৰ মাতৃ ফুলেশ্বৰী দাস, জ্যেষ্ঠ ভাতৃ ডা: ধৰনী ধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া আৰু ভগ্নী লতিকা কছাৰীৰ ৷ আলফাৰ প্ৰচাৰ সচীব মিথিংগা দৈমাৰী তেওঁলোকৰ পৰিয়ালৰ হোৱাটোৱে আছিল পৰিয়ালটোৰ একমাত্ৰ অপৰাধ ৷ ইপিনে দেওবাৰে ২১ বছৰ অতিক্ৰম হ'ল যদিও ন্যায় নাপালে নিহত ডা: ধৰনী ধৰ দাসৰ আন সদস্যসকলে ৷ চৰকাৰে অনুসন্ধানৰ নামত কেবাখনো আয়োগ গঠন কৰি দিছিল যদিও প্ৰকাশ নাপালে কোনো এখন আয়োগৰ প্ৰতিবেদন ৷ বৰ্তমান ডা: ধৰনী ধৰ দাসৰ পৰিয়ালটোত নাই কোনো এজন সদস্য ৷ চাৰিওফালে হাবিজংঘলে আগুৰি ধৰি এতিয়া এৰাবাৰীত পৰিণত হৈছে অভিশপ্ত মিথিংগা দৈমাৰীৰ নিজ জুলুকীৰ ঘৰখন ৷