ETV Bharat / state

বাক্সাৰ দুখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ কাহিনী - প্ৰাথমিক বিদ্যালয়

এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাৰ বাহিৰত বস্তাত বহুৱাই শিক্ষাদান দিয়াৰ বিপৰীতে আন খন বিদ্যালয়ত বৰষুণ আহিলেই স্তব্ধ হৈ পৰে পাঠদান ।

বাক্সাত জৰাজীৰ্ণ অৱস্থাত দুখন প্ৰাথমিক বিদ্যালয়
author img

By

Published : Apr 3, 2019, 1:18 PM IST

বাক্সা , 03 এপ্ৰিলঃবাক্সা জিলাৰ মুছলপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ দুখন প্ৰাথমিক বিদ্যালয় ৷ এই প্ৰাথমিক বিদ্যালয় দুখনে উদঙাইছে ৰাজ্যৰ শিক্ষা বিভাগৰ ফোপোলা স্বৰুপ ৷ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাৰ বাহিৰত বস্তাত বহুৱাই শিক্ষাদান কৰাৰ বিপৰীতে আনখন বিদ্যালয়ত বৰষুণ আহিলেই স্তব্ধ হৈ পৰে পাঠদান ।

বাক্সাত জৰাজীৰ্ণ অৱস্থাত দুখন প্ৰাথমিক বিদ্যালয়

এই বিদ্যালয় দুখন বাক্সা জিলাৰ জোপাদং প্ৰাথমিক বিদ্যালয় আৰু বিচাৰপুৰ আদিবাসী প্ৰাথমিক বিদ্যালয় ৷ 1982 চনত জোপাদং প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰা হৈছিল ৷ বিদ্যালয়খনত মাত্ৰ 1টা শ্ৰেণীকোঠা হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ বাৰাণ্ডাত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হয় ৷ ইপিনে বিদ্যালয়খনত 51 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নিযুক্ত হৈ আছে মাত্ৰ এজন শিক্ষক ৷ যাৰ ফলত এজন শিক্ষকে 6টা কৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ সম্পূৰ্ণ কাম কাজৰ দায়িত্ব ল'ব লগীয়া হয় ৷ আনফালে 1980 চনত স্থাপন কৰা হৈছিল বিচাৰপুৰ আদিবাসী প্ৰাথমিক বিদ্যালয় ৷ এই বিদ্যালয়খনত 42 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নিযুক্ত হৈ আছে মাত্ৰ 3জন শিক্ষক ৷ অভিযোগ অনুসৰি বিদ্যালয়খন প্ৰাদেশীকৃত হোৱাৰ 6 বৰ্ষৰ পাচতো আজিকোপতি শিক্ষাবিভাগে বিদ্যালয়খনত 1টা পকী শ্ৰেণীকোঠা নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল ৷ ইপিনে ফুটা টিনপাতৰ তলতে ছাত্ৰ -ছাত্ৰীসকলে গ্ৰহণ কৰি আহিছে জীৱনৰ আদিপাঠ ৷ যাৰ ফলত বৰষুণ দিলেই স্তব্ধ হৈ পৰে শ্ৰেণীৰ পাঠদান ৷ আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ভাষ্য অনুসৰি বাৰিষা কালত বিদ্যালয় চৌহদত এককাল পানী হোৱাৰ বাবে বন্ধ কৰিবলগীয়া হয় বিদ্যালয়খন ৷ এতিয়া পৰিৱৰ্তনৰ ঢোল বজাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যই এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে লক্ষণীয় হ'ব ৷

Intro:বাক্সা জিলাৰ মুছলপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত দুখন প্ৰাথমিক বিদ্যালয় । এই প্ৰাথমিক বিদ্যালয় দুখনে উদঙাইছে ৰাজ্য শিক্ষা বিভাগৰ ফোপোলা স্বৰুপ ৷ এখনত বাহিৰত বস্তাত বহুৱাই শিক্ষাদান কৰাৰ বিপৰিতে আন এখনত বৰষুণ আহিলেই স্তব্ধ হৈ পৰে শ্ৰেনীকোঠা।Body:হয়,এই দৃশ্য বাক্সা জিলাৰ জোপাদং বাপুজী প্ৰাথমিক বিদ্যালয়ৰ ।‍ ১৯৮২ চনতেই স্হাপন হোৱা এই বিদ্যালয় খনে বঞ্চিত হৈ আহিছে চৰকাৰী অনুদানৰ ।বিদ্যালয়খনৰ এটা মাত্ৰ শ্ৰেনীকোঠা হোৱা হেতুকে বাৰাণ্ডাত বস্তাত বহি এইদৰে শিক্ষাগ্ৰহন কৰি আহিছে ছাত্ৰ ছাত্ৰী সকলে । বিদ্যালয়খনত ৫১ জন ছাত্ৰ ছাত্ৰীৰ বিপৰিতে নিযুক্ত হৈ আছে মাত্ৰ এজনে শিক্ষক ৷ যাৰ কাৰনে এজন শিক্ষকে চম্ভালিব লাগে ৬ টাকৈ শ্ৰেনীৰ ছাত্ৰ -ছাত্ৰীক লগতে গোটেই বিদ্যালয় খনৰ কাম কাজ ।
আনফালে এই দৃশ্য বিচাৰপুৰ আদিবাসী প্ৰাথমিক বিদ্যালয়ৰ । ১৯৮০ চনতে স্হাপন হোৱা এই বিদ্যালয়খনত আছে সৰ্বমুঠ ৪২ জন ছাত্ৰ ছাত্ৰীৰ বিপৰিতে ৩জনকৈ শিক্ষক । প্ৰাদেশিকৃত হোৱাৰ আজি ৬ বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে এটা পকী শ্ৰেনীকোঠা যোগান ধৰিবলৈ সমৰ্থ নহ 'ল ৰাজ্যৰ শিক্ষা বিভাগে । মধাহ্ন ভোজনৰ বাহিৰে কোনো ধৰনৰ চৰকাৰী সাহায্য পোৱা নাই বিদ্যালয় খনে । ফুটা টিনপাতৰ তলতে বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে গ্ৰহন কৰি আহিছে জীৱনৰ আদিপাঠ ৷ যাৰ ফলত বৰষুণ আহিলেই স্তব্ধ হৈ পৰে বিদ্যালয়খনৰ শ্ৰেণীৰ পাঠদান । আনহাতে প্ৰধান শিক্ষকে জানিবলৈ দিয়া মতে বাৰিষা কালত বিদ্যালয় চৌহদত এককাঁল লৈকে হয় পানী । ফলত বন্ধ কৰিবলগীয়া হয় বিদ্যালয়খনৰ পাঠদান।Conclusion:এই দৃশ্য দেখাৰ পিছত পৰিবৰ্তনৰ ঢোল তাল বজাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কি ব্যবস্হা লয় সেয়াহে হব লক্ষণীয়।
বাইট— শিক্ষক ৷
ছাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.