বাক্সা, 16 আগষ্টঃ বাক্সাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰনগৰ গাঁওত শুক্ৰবাৰে আবেলি এক শোকাৱহ ঘটনা সংঘটিত হয় । বৰনগৰ গাঁওৰ দুই ভাতৃৰ শিশু পুত্ৰই পানীত পৰি মৃত্যুক আঁকোৱালি ল'ব লগা হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে । প্ৰতাপ ৰাজবংশীৰ পুত্ৰ হৰকুমাৰ ৰাজবংশী (13) আৰু বৰডা ৰাজবংশীৰ পুত্ৰ মৃন্ময় ৰাজবংশী (10) নামৰ ছাত্ৰ দুজনে আজি দিনৰ 3 বাজি 30 মান বজাত মাছ মাৰি উঠি ওচৰৰে এটা পুখুৰীত গা ধুবলৈ যাওঁতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । হৰকুমাৰ ৰাজবংশী তামুলপুৰ মজলীয়া বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু মৃন্ময় ৰাজবংশী বৰনগৰ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ । দুয়োজনকে বহু সময় ধৰি পৰিয়ালৰ লোকে নেদেখাত ঘৰৰ ওচৰে-পাজৰে সন্ধান কৰাত পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । পাছত ততাতৈয়াকৈ ছাত্ৰ দুজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । লগে লগে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত কান্দোনৰ ৰোল উঠে । পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ হিয়া ভগা কান্দোনে উপস্থিত সকলোৰে চকু সেমেকাই তোলে ।
তামুলপুৰত দুই ছাত্ৰৰ সলিল সমাধি
পুখুৰীত পৰি মৃত্যু দুজন ছাত্ৰৰ ৷ সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাঁ ৷

ভাষ্য
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।