ETV Bharat / state

মুছলপুৰ কোষাগাৰত উত্তেজনা - treasury news of baksa

অসম চৰকাৰৰ বিত্ত বিভাগে যোৱা ২৪ মাৰ্চত ৰাজ্যখনৰ লগতে বাক্সাৰ মুছলপুৰ কোষাগাৰলৈ গ্ৰেড পে’ সহ বকেয়া বিল গ্ৰহণ কৰাৰ শেষ সীমা অহা ৩১ মাৰ্চ ধাৰ্য কৰাৰ নিৰ্দেশনা দিছিল ৷ কিন্তু হঠাৎ এই নিৰ্দেশনা বন্ধ কৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে বিদ্যালয়ৰ একাংশ কাৰ্যালয় সহায়কে ।

মুছলপুৰ কোষাগাৰত উত্তেজনা
মুছলপুৰ কোষাগাৰত উত্তেজনা
author img

By

Published : Mar 27, 2021, 6:55 PM IST

বাক্সা,27 মাৰ্চ: গ্ৰেড পে’ৰ লগতে বকেয়া বিল বন্ধ কৰাক লৈ শুকুৰবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বাক্সাৰ সদৰ মুছলপুৰ কোষাগাৰত ৷ অসম চৰকাৰৰ বিত্ত বিভাগে যোৱা ২৪ মাৰ্চত ৰাজ্যখনৰ লগতে বাক্সাৰ মুছলপুৰ কোষাগাৰলৈ গ্ৰেড পে’ সহ বকেয়া বিল গ্ৰহণ কৰাৰ শেষ সীমা অহা ৩১ মাৰ্চ ধাৰ্য কৰাৰ নিৰ্দেশনা দিছিল ৷ এই নিৰ্দেশনা মতে জিলাখনৰ ১৮৮ খন হাইস্কুল আৰু হাই মাদ্ৰাছাৰ শিক্ষকসকলৰ মুখত হাঁহি বিৰিঙিছিল ৷

মুছলপুৰ কোষাগাৰত উত্তেজনা

নিজ নিজ বিদ্যালয়ৰ দৰমহাৰ বকেয়া বিল জিলাখনৰ মাত্ৰ ২৫ খন বিদ্যালয়ে দাখিল কৰাৰ পাছত শুকুৰবাৰে বাকী বিদ্যালয়বোৰৰ কাৰ্যালয় সহায়কসকলে কোষাগাৰলৈ বিলসমূহ আনিছিল ৷ কিন্তু কোষাগাৰলৈ গৈ তেওঁলোক আচৰিত হয় ৷ কিয়নো বিত্ত বিভাগৰ মুখ্য সচিব স্বাক্ষৰিত নতুন নিৰ্দেশনা অনুসৰি ২৫ মাৰ্চৰ পৰা নতুনকৈ আৰু গ্ৰেড পে সহ বকেয়া বিল গ্ৰহণ কৰিব নোৱাৰিব ৷

এই নতুন নিৰ্দেশনা পোৱাত কাৰ্যালয় সহায়কসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু বিত্ত বিভাগক ৩১ মাৰ্চলৈ বকেয়াৰ বিল গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: টিআইপিআৰএ-টিপিএফৰ দলীয় কৰ্মীৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.