ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি - Top 10 AT 3 PM

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Top 10 AT 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Dec 9, 2022, 3:11 PM IST

Victory in name of Virbhadra Singh: শীৰ্ষ পদৰ বাবে হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰচিছে নাটক

হিমাচলত গঠন হ’ব কংগ্ৰেছৰ চৰকাৰ (Himachal Pradesh elections result 2022) । কিন্তু ৰাজ্যিক কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে । তেওঁ কয় যে, বীৰভদ্ৰ সিঙৰ নামত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা হৈছে । বীৰভদ্ৰ সিঙৰ নামত কংগ্ৰেছে ৰাজ্যত ইমানবোৰ আসন পাইছে । প্ৰতিভা সিঙে মুখ্যমন্ত্ৰী পদৰ বিষয়ে কি ক'লে সম্পূৰ্ণ খবৰটো জানিবলৈ পঢ়ক...

Congress defeat in Gujarat: আৰু বহু দূৰ বাট যাবলৈ বাকী: খাৰ্গে

‘‘আমি পৰাজয় মানি লৈছোঁ । গণতন্ত্ৰত কোনো বিশেষ জয় বা পৰাজয় স্থায়ী নহয় । আমি ফলাফলসমূহ পৰ্যালোচনা কৰি আমাৰ অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম । কিন্তু আমি আমাৰ মতাদৰ্শগত যুঁজ এৰিবলৈ যোৱা নাই । আমি যুঁজি যাম ।’’ গুজৰাট নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিচত এইদৰে কয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Gujarat election results)৷

Ajmal vs Himanta: অসমৰ মহিলাই বেছি সন্তান জন্ম দিলে ভৰণ-পোষণৰ দায়িত্ব আজমলে ল’ব লাগিব; মুখ্য়মন্ত্ৰী

লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ কাটক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ কথিত পৰামৰ্শ অনুসৰি মহিলাই "২০-২৫টা সন্তান" জন্ম দিব পাৰে ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ খাদ্য, কাপোৰ-কানি আৰু শিক্ষাৰ সকলো খৰচ ধুবুৰীৰ সাংসদগৰাকীয়ে বহন কৰিব লাগিব (Himanta Biswa Sarma slamms Ajmal) ৷

Gujarat election 2022: গুজৰাট নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত আম আদমী পাৰ্টী

গুজৰাট নিৰ্বাচনৰ ফলাফলে আম আদমী পাৰ্টীক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ স্বেচ্ছাসেৱকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে (Gujarat Election 2022 Results)। দহ বছৰৰ ভিতৰত চাৰিখন ৰাজ্যত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰাটো আম আদমি পাৰ্টীৰ বাবে বৃহৎ বিজয় বুলি দাবী কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে ।

Bamboo bridge in Goreswar: বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

বহু বছৰ ধৰি এখন ভগা-ছিগা বাঁহৰ সাঁকোৰে গোৰেশ্বৰৰ ৰাইজে পাৰ হৈছে পুঠিমাৰী নদী (Goreswar bamboo bridge)। ৰাইজে নিজৰ হাত ধন খৰছ কৰি নিৰ্মাণ কৰিছে বাঁহৰ সাঁকো । এখন পকী দলঙৰ দাবী ৰাইজৰ ।

Literary Pension 2022 : সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মীৰ কথাৰে...

ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন (Literary pension for the year 2022 announced)৷ ৰাজ্যৰ মুঠ ২৩ গৰাকী বিশিষ্ট অসমীয়াক প্ৰদান কৰা হৈছে এই পেঞ্চন (Literary Pension 2022) ৷ এই পেঞ্চনাৰসকলৰ ভিতৰত আছে শোণিতপুৰৰ মনোমতী কুৰ্মীৰ নাম ৷ মনোমতী কুৰ্মী হৈছে চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৷ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন গ্ৰহণ কৰা কুৰ্মীৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Man arrested with pistol : মহানগৰীত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী যুৱক

শুকুৰবাৰে হঠাৎ বশিষ্ঠত সৃষ্টি হয় এক হুস্থূলীয়া পৰিৱেশৰ ৷ বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত বশিষ্ঠৰ দেহাল পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিবেকানন্দ টাইড নামৰ অস্ত্ৰধাৰী এজন যুৱকক (Man arrested with pistol at Dehal path) ৷ বিবেকানন্দৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ পিষ্টল ৷ ইয়াৰে এটা ছিংগুল বেৰেল আৰু এটা পইণ্ট এয়াৰ বন্দুক বুলি জানিব পৰা গৈছে ৷

সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত কাৰ আগমণ ঘটিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱনলৈ

প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পুনৰ প্ৰেমত পৰিছে নেকি ৰিয়া চক্ৰৱৰ্তী ? এইবাৰ ৰিয়াৰ নাম সাঙোৰ খাইছে ছলমান খানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এজন ব্যক্তিৰ সৈতে ।

Body recover in Kalgachia: গছত ওলমি ৰ’ল শহুৰৰ ঘৰলৈ অহা জোঁৱাইৰ মৃতদেহ

কলগাছিয়াৰ বগুলামাৰিত শহুৰেকৰ ঘৰলৈ অহা জোৱায়েকৰ মৃতদেহ উদ্ধাৰ (Body recover in Kalgachia) । হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ । এবছৰ ধৰি পৃথকে আছিল স্বামী-স্ত্ৰী ৷

India-Sri Lanka match in Guwahati: ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট

১০ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত ক্ৰিকেট মেচ ৷ অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ আয়োজনৰ দায়িত্ব দিলে বি চি চি আয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.