ETV Bharat / state

Fake lottery case : ভুৱা লটাৰী গোচৰত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ নেতা

ভুৱা লটাৰী গোচৰত গ্ৰেপ্তাৰ হৈছে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিৎ কৰ্মকাৰ (TMC leader arrested in Baksa)। অভিযোগ অনুসৰি বিভিন্ন প্ৰান্তত ভুৱা লটাৰীৰ জৰিয়তে ধনৰ লুণ্ঠন চলাই আহিছিল এটা চক্ৰই । চক্ৰটোৰ নেতৃত্ব দিছিল কৰ্মকাৰে ।

author img

By

Published : Oct 13, 2022, 6:12 PM IST

Baksa
ভুৱা লটাৰী গোচৰত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ নেতা

বৰপেটাৰোড,১৩ অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰি ধন ঘটা এক বৃহৎ চক্ৰ সক্ৰিয় হৈ উঠিছিল (Fake lottery gang)। কিন্তু ৰাইজৰ অভিযোগৰ ভিত্তিত এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । অভিযানৰ সময়তে এক গুৰুত্বপূৰ্ণ ৰহস্য ফাদিল হৈছে । এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড আছিল অসমৰ তৃণমূল কংগ্ৰেছৰ নেতা অভিজিৎ কৰ্মকাৰ ।

দীৰ্ঘদিন ধৰি আৰক্ষীয়ে কৰ্মকাৰক বিচাৰি অভিযান চলাই আছিল যদিও অৱশেষত বাক্সা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় কৰ্মকাৰক ৷ অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক বঙাইগাঁৱৰ এইগৰাকী অভিজিৎ কৰ্মকাৰৰ নেতৃত্বতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভুৱা লটাৰী টিকট বিক্ৰী কৰি ধন ঘটি থকাৰ অভিযোগ লাভ কৰিছে আৰক্ষীয়ে ৷ ধেমাজী জিলাৰ ঘোগামুখ আৰক্ষী থানাতো তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদকজনৰ বিৰুদ্ধে গোচৰ থকাৰ কথাও শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিবলৈ দিয়ে ৷

ভুৱা লটাৰীৰ বৃহৎ চক্ৰটোৱে বাক্সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনত লুৱাশুৰ গাঁৱতো ভুৱা লটাৰীৰ টিকট বিক্ৰী কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰাৰ এক অভিযোগ পাইছিল আৰক্ষীয়ে ৷ সেইমৰ্মে গোৱৰ্ধনা আৰক্ষী থানাত ১১৯/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি বাক্সাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ তৎপৰতাত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । তদন্তৰ সময়ত ভুৱা লটাৰীৰ লগত জড়িত থকাৰ অভিযোগত আন ৬ জন লোক ক্ৰমে নিৰঞ্জন সূত্ৰধৰ, প্ৰদীপ বৰ্মন, মনজিৎ কৰ্মকাৰ, প্ৰাঞ্জল দাস, শিবু দাস আৰু বিষ্ণু অধিকাৰীক কৰায়ত্ত কৰি জেললৈ নিক্ষেপ কৰিছে আৰক্ষীয়ে (Fake lottery gang arrested in Baksa)।

অৱশ্যে ভুৱা লটাৰীৰ ব্যৱসায়ৰ লগত জড়িত মাষ্টাৰ মাইণ্ড তথা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতা অভিজিৎ কৰ্মকাৰক আৰক্ষীয়ে আটক কৰিব পৰা নাছিল ৷ অৱশেষত বুধবাৰে সন্ধিয়া বাক্সাৰ মুছলপুৰৰ পৰা অভিজিৎ কৰ্মকাৰক আটক কৰিবলৈ সক্ষম হয় বাক্সা আৰক্ষী (Abhijit Karmakar arrested on Fake lottery case) ৷ ভুৱা লটাৰী গোচৰৰ মূল অভিযুক্ত ধৃত অভিজিৎ কৰ্মকাৰক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব আৰু অধিক তদন্তৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব বুলিও সংবাদ মাধ্যমক অৱগত কৰে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই ৷

লগতে পঢ়ক :Cough syrup seized : কাছাৰত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.