বাক্সা, ১৯ এপ্ৰিল: বাক্সা জিলাত বৰ্তমানলৈকে ক'ৰণাত আক্রান্ত লোকৰ সংখ্যা ৪১ গৰাকী বৃদ্ধি পাইছে । বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই সোমবাৰে উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা সদৰি কৰে।
উপায়ুক্ত শৰ্মাই কয় যে, এতিয়ালৈকে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । যদি আক্রান্ত লোকৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হ'ব বুলি কয় ৰঞ্জন শৰ্মাই ।
"প্ৰশাসনৰ ফালৰ পৰা ক'ভিড প্ৰ'টকলৰ পালন ক্ষেত্ৰত তীক্ষ্ন দৃষ্টি ৰখা হ'ব ৷ ৰাইজে ক'ভিড প্ৰ'টকলৰ মানি চলি ক'ভিডৰ নতুন ঢৌ বিৰুদ্ধে প্ৰশাসনক সহায় কৰিব ৷ যোৱা বৰ্ষত বৰমা, শালবাৰী আৰু নাগ্ৰীজুলিত ক'ভিড কেয়াৰ চেণ্টাৰ ৰখা হৈছিল যদিও এইবাৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ ব্যৱস্থা আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা ৷ যদি পৰিস্থিতি বেয়া হয়, তেন্তে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসন সাজু আছে ৷" সাংবাদিকক সম্বোধন কৰি বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই এইদৰে কয় ৷
লগতে পঢ়ক: আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে