বাক্সা,২৬ জানুৱাৰী : ৰাজ্যৰ মানচিত্ৰত আজিৰে পৰা সংযোজিত হ'ল তামুলপুৰ জিলা (Tamulpur inducted as new district in Assam)৷ দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলনেৰে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Republic day celebration in new district Tamulpur) ৷ তামুলপুৰ জিলা সদৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জিলাখনৰ প্ৰথম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে আৰক্ষী আৰু বেটেলিয়ন জোৱানসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নৱগঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক পংকজ যাদৱ, তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীসহ কেইবাগৰাকী বিটিআৰৰ কাৰ্যবাহী সদস্য, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷ ইফালে গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যৰ ৩৬ নম্বৰ জিলা হিচাপে ঘোষণা হ’ল তামুলপুৰ লগতে ই বিটিআৰৰ পঞ্চমখন জিলা ৷
ইফালে প্ৰশাসনিকভাৱে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ পাছতে তামুলপুৰত আনন্দৰ জোৱাৰ উঠিছে ৷ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে বিভিন্নজনে ৷
লগতে পঢ়ক :Republic Day 2022 : বৰপেটাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপায়ুক্তৰ অংশগ্ৰহণ