ETV Bharat / state

বাক্সাত শ্বহীদ পৰিয়ালৰ আমৰণ অনশন

author img

By

Published : Sep 1, 2020, 10:42 PM IST

বাক্সাৰ গোৰেশ্বৰত শ্বহীদ পৰিয়ালৰ অনশন ৷ বিগত ৩৫ টা বছৰে কোনো ধৰণৰ ৰাজকীয় সাহাৰ্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি অনশন কাৰ্যসূচী গ্ৰহণ কৰে ৷

বাক্সা
বাক্সাত শ্বহীদ পৰিয়ালৰ আমৰণ অনশন

বাক্সা, 1 চেপ্তেম্বৰঃ বাক্সাৰ গোৰেশ্বৰত ৮৩ চনৰ শ্বহীদ পৰিয়ালৰ আমৰণ অনশন । ১৯৮৩ চনৰ ১ চেপ্তেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে আৰক্ষী মেলিটাৰীয়ে ৩১৫ গৰাকী ব্যক্তিৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিছিল ৷ ইয়াৰ ভিতৰত কিছু সংখ্যক লোক শ্বহীদ হোৱাৰ উপৰিও আন কিছুমানে বৰ্তমানেও পংগুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । বিগত ৩৫ টা বছৰে বহু কেইখন চৰকাৰ আহিল কিন্তু শ্বহীদ-নিৰ্যাতিত পৰিয়ালে লাভ নকৰিলে কোনো ধৰণৰ ৰাজকীয় সাহাৰ্য ।

বাক্সাত শ্বহীদ পৰিয়ালৰ আমৰণ অনশন

আনহাতে, ২০১৮ চন ৰাজ্যত সোণোৱাল চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচীত ৩১৫ জন সদস্য-সদস্যাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যদিও তাৰ ভিতৰত কেৱল ৫ গৰাকী লোকক নিযুক্তি দিয়ে দায়িত্ব সামৰিলে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে । যাৰ ফলত মঙলবাৰে সদৌ অসম শ্বহীদ-নিৰ্যাতিত পৰিয়াল পৰিষদৰ বাক্সা জিলা সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ PWD আইবিৰ সন্মুখত এই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম আন্দোলনৰ শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ সদস্য-সদস্যাৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা অসম চুক্তি ৰূপায়ণ বিভাগৰ চৰম অৱহেলাৰ পৰিণতিত পৰিয়াল কেইটাই আজি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়কঃ কালদিয়াৰ খহনীয়াই খেদিছে পশা কেতেকীবাৰী গাঁৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.