ETV Bharat / state

বাক্সাৰ শালবাৰীত ইউপিপিএল দলৰ স্বচ্ছ ভাৰত অভিযান - ইউপিপিএল দল

আগন্তুক সময়ত বিটিচিত ইউপিপিএল দলৰ চৰকাৰ আহিলে এখন স্বচ্ছতাৰ চৰকাৰ হ'ব বুলি মন্তব্য প্ৰদান কৰে শালবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

Swachh Bharat campaign of UPPL in baksa's salbari
বাক্সাৰ শালবাৰীত ইউপিপিএল দলৰ স্বচ্ছ ভাৰত অভিযান
author img

By

Published : Oct 19, 2020, 6:31 PM IST

শালবাৰী, 19অক্টোবৰঃ শালবাৰী প্ৰাইমাৰী ইউপিপিএলৰ উদ্যোগত আৰু শালবাৰী ব্লক কমিটিৰ সহযোগত সোমবাৰে ৰূপায়ণ কৰা হয় চাফাই অভিযান কাৰ্যসূচী ৷ চহৰসমূহৰ লগতে গাঁৱসমূহকো একোখন নিকা তথা গুণগত সমাজ গঢ়িবৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে দলটোৱে ৷ তদুপৰি আগন্তুক সময়ত বিটিচিত ইউপিপিএল দলৰ চৰকাৰ আহিলে এখন স্বচ্ছতাৰ চৰকাৰ হ'ব বুলি মন্তব্য প্ৰদান কৰে শালবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

উল্লেখযোগ্য যে, স্বচ্ছতা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে স্বচ্ছতা সমদলো উলিয়াই দলটোৱে ৷ আনহাতে,এই চাফাই অভিযান কাৰ্যসূচীত শতাধিক কৰ্মীৰ লগতে শালবাৰী জিলা যুৱ ইউপিপিএল দলৰ সভাপতি সত্যজিৎ বড়োয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.