ETV Bharat / state

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ - ৰাজু নেৱাৰ

তামুলপুৰৰ বাঙালীপাৰাত অঘটন। নৈত গা ধুবলৈ গৈ সন্ধানহীন হ’ল দশম শ্ৰেণীৰ ছাত্ৰ ৷ বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰগৰাকী ৷

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ
author img

By

Published : Aug 12, 2019, 5:29 PM IST

তামুলপুৰ, ১২ আগষ্টঃ তামুলপুৰৰ বাঙালীপাৰাত মৰ্মান্তিক ঘটনা ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বাঙালীপাৰাৰ বৰনদীত গা-ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ ৷ সন্ধানহীন যুৱকজন বাঙালীপাৰা গাঁৱৰ ঠাকুৰ নেৱাৰৰ পুত্ৰ ৰাজু নেৱাৰ ৷ বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকী ৷

মৰ্মান্তিক ! নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ

দেওবাৰে দহ জনীয়া বন্ধুৰ সৈতে বৰনদীত গা-ধুবলৈ গৈছিল যুৱক কেইজন। কিন্তু হঠাৎ পানীত পৰাত নৈৰ প্ৰৱল সোঁতে উটুৱাই লৈ যায় ৰাজু নেৱাৰক ৷ বন্ধু সকলে ৰাজু নেৱাৰক বিচাৰি পানীত ডুব দিয়ে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহয় ৷ পিচত স্থানীয় ৰাইজ আৰু ছাত্ৰগৰাকীৰ অভিভাৱক খবৰ দিয়া হয়। পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও সন্ধিয়া হোৱাৰ বাবে দেওবাৰে উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হয় ৷

সোমবাৰে পুৱা ৯ বজাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে নৈত উদ্ধাৰ অভিযান চলাই যদিও বৰ্তমান লৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ছাত্ৰগৰাকীৰ। অৱশ্যে নদীৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত ডুবাৰুৰ হে প্ৰয়োজন বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । গতিকে চৰকাৰ তথা জিলা প্ৰশাসন বিষয়াক এন ডি আৰ এফ বাহিনীৰে উদ্ধাৰ কাৰ্য চলাবলৈ দাবী জনায় ৷

Intro:তামুলপুৰৰ বাঙালীপাৰাত অঘটন।নৈত গা ধোব গৈ সন্ধান হীন ছাত্র।Body:তামুলপুৰ।
১২/৮/১৯
তামুলপুৰ মহকুমাৰ অন্তৰ্গত বাঙালীপাৰাত বৰনদীত গা ধোবলৈ গৈ যোৱাকালি এগৰাকী ছাত্র নৈৰ সোতত উটি যায়।তথ্যসূত্ৰে বাঙালীপাৰা গাৱৰ ৰাজু নেৱাৰৰ বাঙালীপাৰা উচ্চমাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ ঠাকুৰ নেৱাৰে ৰবিবাৰে কেবাগৰাকী সমনীয়া ৰ সৈতে বৰনদীত গা ধোবলৈ যায়।সমনীয়া ৰ সৈতে খেল ধেমালি কৰি নৈত গা ধুই থাকোতে হঠাৎ নৈৰ প্ৰবাল সোতে ছাত্ৰ গৰাকীক উটুৱাই লৈ যায়।লগে লগে সমনীয়া কেইগৰাকীয়ে ওচৰত থকা ৰাইজক আৰু ছাত্র গৰাকীৰ অভিভাৱক খৱৰ দিয়ে।ঘটনা স্থলীত আৰক্ষী তৎকালীন ভাৱে উপস্থিত হয় যদিও সন্ধিয়া হোৱাৰ বাবে উদ্ধাৰ অভিযান চলাব নোৱাৰিলে।আজি পুৱা ৯ বজাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে নৈ খনত উদ্ধাৰ অভিযান চলাই আছে যদিও ছাত্ৰ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।এছ ডি আৰ এফ বাহিনীয়ে লেহেমীয়া গতিৰে উদ্ধাৰ অভিযান চলোৱাৰ অভিযোগ কৰে ৰাইজে।স্থানীয় ৰাইজৰ মতামত অনুসৰি এছ ডি আৰ এফৰ ঠাইত এন ডি আৰ এফ আহিলে ছাত্র গৰাকীক উদ্ধাৰ কৰিব পৰা গল হেতেন।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.