ETV Bharat / state

ভাৰত-ভূটান সীমান্তত এছ এছ বি (SSB) ৰ প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Jun 23, 2021, 10:37 PM IST

স্থানীয় যুৱক-যুৱতীক নিৰাপত্তাৰক্ষীত ভৰ্তিৰ হেতুকে ভাৰত-ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ লক্ষীবজাৰ-কামাৰদৈছাত সশস্ত্ৰ সীমা বল (SSB) ৰ ২৭ নং বেটালিয়নৰ উদ্যোগত বুধবাৰৰপৰা ছয়দিনীয়াকৈ নিৰাপত্তাৰক্ষীত ভৰ্তিৰ এক প্ৰাক প্ৰশিক্ষণ আৰম্ভ ৷ ৯৫০ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷

ssb held post interview program in bharat bhutan border
ভাৰত-ভূটান সীমান্তত এছ এছ বি (SSB) ৰ প্ৰশিক্ষণ শিবিৰ

বাক্সা, ২৩ জুন : সশস্ত্ৰ সীমা বল (SSB) ৰ প্ৰশংসনীয় পদক্ষেপ ৷ ভাৰত চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰি স্থানীয় যুৱক-যুৱতীক নিৰাপত্তাৰক্ষীত ভৰ্তিৰ হেতুকে ভাৰত-ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ লক্ষীবজাৰ-কামাৰদৈছাত সশস্ত্ৰ সীমা বল (SSB) ৰ ২৭ নং বেটালিয়নৰ উদ্যোগত বুধবাৰৰপৰা ছয় দিনীয়াকৈ নিৰাপত্তাৰক্ষীত ভৰ্তিৰ এক প্ৰাক প্ৰশিক্ষণ আৰম্ভ হৈছে । চলিত বৰ্ষৰ ২৮ জুনলৈ চলিবলগীয়া এই প্ৰাক ভৰ্তি প্ৰশিক্ষণৰ বুধবাৰে শুভাৰম্ভ কৰে এছ এছ বি(SSB) ৰ ২৭ নং বেটালিয়নৰ কামাণ্ডেণ্ট অভিষেক আনন্দ (ABHISHEK ANAND) য়ে ।

কামাণ্ডেণ্ট অভিষেক আনন্দে(ABHISHEK ANAND) এই নিৰাপত্তাৰক্ষীত ভৰ্তি অনুষ্ঠানত বিটিআৰ চুক্তিৰ এক সফল ৰূপান্তৰ বুলি অভিহিত কৰি কয়, "ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ(BTR) চৰকাৰৰ যৌথ বৈঠক অনুসৰি সীমান্ত এলেকাত নিৰাপত্তাৰক্ষীৰ খালী পদ আছে । সেয়েহে সশস্ত্ৰ সীমা বল(SSB)ৰ ২৭ নং বেটালিয়নৰ শিবিৰৰ অন্তৰ্গত বনগাঁও, লক্ষীবজাৰ আৰু বড়ো বজাৰৰ এলেকাধীন বড়ো যুৱক-যুৱতীক লক্ষীবজাৰ-কামাৰদৈছাত নিৰাপত্তাৰক্ষীত ভৰ্তিৰ হেতুকে ছয় দিনীয়াকৈ প্ৰাক প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে ।

এই প্ৰাক ভৰ্তি প্ৰশিক্ষণত প্ৰশিক্ষণাৰ্থীসকলক কেনেকৈ অনলাইন (online) ভৰ্তি কৰিব লাগে, কেনেকৈ পৰীক্ষা অথবা সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব লাগে এই সকলোবোৰ দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । "এচি ৰবিশংকৰ জা, এচি ইউ এছ পাট্টিল, পৰিদৰ্শক কুমাৰ পুনেম দেৱী আৰু ৰঞ্জিত বিষ্টে আদিয়ে ভাগ লোৱা প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, ইউপিপিএলৰ ককলাবাৰী ব্ল'ক কমিটিৰ সভাপতি বিজু বৰকছাৰী, গাঁওবুঢ়া পৰমেশ্বৰ বসুমতাৰী, বেটালিয়নৰ সহ কমাণ্ডেণ্ট বিষয়া অচিন্ত মিত্ৰ, উপ কামাণ্ডেণ্ট বিষয়া ডাঃ ললিত দেউৰীকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

সহস্ৰাধিক বড়ো যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই প্ৰাক ভৰ্তি প্ৰশিক্ষণ কাৰ্যসূচীত এছ এছ বি (SSB) তৰফৰ পৰা কৰ’ণা মহামাৰীৰ সাৱধানতা অৱলম্বন কৰাৰ আহ্বানেৰে ৯৫০ গৰাকী যুৱক-যুৱতীক মাস্ক বিতৰণ কৰে ৷ সশস্ত্ৰ সীমা বল (SSB) ৰ ২৭ নং বেটালিয়নৰ দাওধাৰাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা কনক বড়োৰ পৰিয়াললৈ চাউল, দালি, আলু আদি সামগ্ৰী আগবঢ়োৱা হয় ।

লগতে পঢ়ক : অসমত সঁচাকৈয়ে কংগ্ৰেছ(Congress) নিঃচিহ্ন হ'বগৈ নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.