ETV Bharat / state

প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ

author img

By

Published : Aug 6, 2021, 9:11 AM IST

নতুনকৈ হ'ব লগা টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ ৷ সৰ্বশিক্ষাত কৰ্মৰত বাক্সা জিলাৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিটিচি প্ৰধান জনলৈ সন্দেহৰ আঙুলি টোৱাইছে ৷ শিক্ষক নিযুক্তিৰ বাবে 29 জুলাইত বিটিচি প্ৰশাসনে প্ৰকাশ কৰা বিজ্ঞাপনক লৈ অসন্তুষ্ট এইসকল শিক্ষক ৷

tet teachers of baksa demand job regularization
প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ

বাক্সা, 6 আগষ্ট : শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিটিচি প্ৰধানলৈ সন্দেহৰ আঙুলি টোৱাইছে বাক্সা জিলাৰ একাংশ শিক্ষকে ৷ নতুনকৈ হ'ব লগা টেট শিক্ষক নিযুক্তিৰ প্ৰসংগত বাক্সা জিলাৰ সৰ্বশিক্ষাত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলে বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি টোৱাইছে ৷ 29 জুলাইত বিটিচি প্ৰশাসনে প্ৰকাশ কৰা এটা বিজ্ঞাপনক লৈ শিক্ষক সমাজৰ মাজত তীব্ৰ অসন্তুষ্টি পৰিলক্ষিত হৈছে ৷

বিটিচি প্ৰশাসনে টেট উত্তীৰ্ণ শিক্ষকসকলক উদ্দেশ্যি প্ৰকাশ কৰা বিজ্ঞাপন সন্দৰ্ভত মুছলপুৰত এখন সংবাদমেল সম্বোধন কৰি শিক্ষকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সংবাদমেলৰ জড়িয়তে সদৌ বাক্সা জিলা সৰ্বশিক্ষাত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক সমাজে(All Baksa District Working SSA Contractual TET Teacher Association) উক্ত বিজ্ঞাপনৰ কেতবোৰ বিষয় লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৷

লগতে পঢ়ক: প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

29 জুলাইত বিটিচি প্ৰশাসনে শিক্ষক নিযুক্তিৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনত বিটিচিৰ অধীনৰ ছমহীয়া ঠিকাভিত্তিক শিক্ষক সকলক অতিৰিক্তভাৱে ৫০ নম্বৰকৈ ধৰি দিয়াৰ কথা উল্লেখ কৰাত সৰ্বশিক্ষাত কৰ্মৰত এইসকল শিক্ষকে অসন্তুষ্টি ব্যক্ত কৰিছে ৷ তেওঁলোকৰ অভিযোগ, বিটিচিৰ অধীনৰ ছমহীয়া ঠিকাভিত্তিক শিক্ষক সকলক অতিৰিক্তভাৱে ৫০ নম্বৰকৈ ধৰি দিয়াৰ লগে লগে মেধাৰ ভিত্তিত সৰ্বশিক্ষাত কৰ্মৰত এইসকল শিক্ষক বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক: শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আঁসোৱাহৰ অভিযোগ

সেয়ে শিক্ষকসকলে বিটিচিৰ অধীনৰ ছমহীয়া শিক্ষক সকলৰ দৰে সৰ্বশিক্ষাত কৰ্মৰত শিক্ষক সকলকো অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰকৈ অতিৰিক্তভাৱে প্ৰদান কৰাৰ দাবী জনাই ৷ ইয়াৰ লগতে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও শিক্ষকসকলে দাবী উত্থাপন কৰে ৷

অন্যথা সংস্থাটোৱে ইয়াৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হব বুলিও হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে, বাক্সা জিলাত সৰ্বশিক্ষাৰ অধীনত বৰ্তমান প্ৰায় ৫০০ গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে ৷

লগতে পঢ়ক: নিযুক্তিৰ পৰা বঞ্চিত ৰাভা হাছঙৰ 550 গৰাকী শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.