ETV Bharat / state

বাক্সাত বিজেপি কৰ্মীৰ বিশেষ সভা - ইউপিপিএল

বাক্সা জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । উল্লেখ্য যে, জিলাখনৰ তিনিটা সমষ্টিতে বিজেপি দলে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান নকৰি মিত্ৰতাৰ স্বাৰ্থত ইউপিপিএল দলক এৰি দিয়াত দলটোৰ তৃণমূল কৰ্মীৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ।

Special meeting of BJP workers in Baksa
বাক্সাত বিজেপিৰ কৰ্মীৰ বিশেষ সভা
author img

By

Published : Mar 18, 2021, 10:51 PM IST

বাক্সা,১৮ মাৰ্চ: বাক্সা জিলাৰ বিজেপি কাৰ্যালয়ত আজি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । উল্লেখ্য যে, জিলাখনৰ তিনিটা সমষ্টিতে বিজেপি দলে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান নকৰি মিত্ৰতাৰ স্বাৰ্থত ইউপিপিএল দলক এৰি দিয়াত দলটোৰ তৃণমূল কৰ্মীৰ মাজত অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ।

এই পৰিপেক্ষিততে জিলা উপ সভাপতি তথা চাপাগুৰি সমষ্টিৰ একমাত্ৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰিদিপ ডেকাই তীব্ৰ ক্ষোভ ব্যক্ত কৰি নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হ'ব বুলি খবৰ প্ৰকাশ পোৱা পাচতে বিজেপিৰ বাক্সা জিলাৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা চাপাগুৰি সমষ্টিৰ প্ৰবাসী প্ৰভাৰী ৰাম অৱতাৰ । অৱতাৰে কয় , বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী নিদিলেও আমি মিত্ৰদল হিচাপে সকলো এক । দলৰ কাৰ্যকৰ্তা সকলে উৎসাহ-উদ্দীপনাৰে প্ৰতিটো সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সহযোগ কৰি প্ৰচাৰ চলাবলৈ সাজু হৈছে ।

বাক্সাত বিজেপিৰ কৰ্মীৰ বিশেষ সভা

আনহাতে জিলা সভাপতি ৰাম দাহালে সাংবাদিকৰ আগত বাক্সাৰ তিনিটা সমষ্টিতেই বিজেপি দলৰ নিজাববীয়া প্ৰাৰ্থীৰ বাবে আহ্বান জনাইছিল যদিও হাই কমাণ্ডে মিত্ৰদলক এৰি দিয়া স্বত্বেও কোনো আক্ষেপ নাই বুলি মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ইউ জি ব্ৰহ্মৰ দৰে প্ৰাক্তন ছাত্ৰ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ এগৰাকীয়ে চাপাগুৰিৰ দৰে সমষ্টি এটাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহাটো সমষ্টিবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে ।

লগতে পঢ়ক: বিলাসীপাৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.