বাক্সা, 31 মে' : দেওবাৰে বাক্সা জিলাৰ মুছলপুৰৰ পাঁচজন যুৱকৰ দেহত Covid 19 ৰ অৱস্থিতি ধৰা পৰে ৷ জানিব পৰা মতে, বিগত ২৩ মে’ত চেন্নাইৰ পৰা অসমলৈ আহিছিল এই পাঁচ যুৱক ৷ লগে লগে জিলাখনৰ মুছলপুৰৰ বথৌপুৰী ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেন্টাইন চেন্টাৰত যুৱক কেইজনক ৰখাৰ ব্যৱস্থা কৰা হয় ৷ পাঁচ যুৱক ক্ৰমে বাক্সাৰ মৃনাল দাস (শুৱনশ্ৰী), ৰুপম দাস (ভোগপাৰা), চৈতেন দাস (বগ্ৰীবাৰী), দ্বীপজ্যোতি শৰ্মা (শুৱনশ্ৰী), সুনীল ভূঞা (শুৱনশ্ৰী) ৷ আজি আটাইকেইজন যুৱকক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়কঃ দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে উত্তাল মৰিয়নী