বাক্সা, 12 আগষ্ট : বাক্সাৰ স্বাধীনতা সেনানীৰ পৰিয়ালৰ ঘৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ অতি দুৰ্গম অঞ্চলৰ পাহাৰপুৰত স্বাধীনতা সেনানী মুক্তি যুঁজাৰুৰ বাসগৃহত উপস্থিত হয় হোজাইৰ বিধায়কগৰাকী । আজাদ হিন্দ ফৌজৰ এক সক্ৰিয় সেনানী আছিল পুৰণ বাহাদুৰ চেত্ৰী। দেশে 73তম স্বাধীনতা দিৱস আৰু দুদিনৰ পাচতেই পালন কৰিব কিন্তু এই গৰাকী মুক্তি যুঁজাৰুৱে অসম চৰকাৰ ওচৰত আবেদন জনাইয়ো পেঞ্চন অবিহনে মৃত্যুক আঁকোৱালি ল’লে স্বাধীনতা সংগ্ৰামী পুৰণ বাহাদুৰে । শেহতীয়াভাৱে এই গৰাকী মুক্তি যুঁজাৰুৰ পৰিয়ালৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই। এই গৰাকী মুক্তি যুজাৰুৰ পৰিয়ালটোৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈ উপস্থিত হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । বিধায়কগৰাকীয়ে মুক্তি যুঁজাৰু গৰাকীৰ সকলোবোৰ নথি-পত্ৰ নিৰীক্ষণ কৰি বিয়ষটোত অতি গুৰুত্ব সহকাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিভাগীয়ভাৱে আলোচনা কৰাৰ অশ্বাস দিয়ে। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি প্ৰেৰণ কৰাৰ আশ্বাস দিয়ে বিধায়ক শিলাদত্যই ।
স্বাধীনতা সেনানীৰ পৰিয়ালৰ ঘৰত বিধায়ক শিলাদিত্য - দুখ দুৰ্দশা
পেঞ্চন অবিহনে মৃত্যুক আঁকোৱালি ল’লে স্বাধীনতা সংগ্ৰামী পুৰণ বাহাদুৰে। ভাৰত-ভূটান সীমান্তৰ অতি দুৰ্গম অঞ্চলত বাস কৰিছে পৰিয়ালে ৷ পৰিয়ালটোৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈ উপস্থিত হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱ
বাক্সা, 12 আগষ্ট : বাক্সাৰ স্বাধীনতা সেনানীৰ পৰিয়ালৰ ঘৰত উপস্থিত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ অতি দুৰ্গম অঞ্চলৰ পাহাৰপুৰত স্বাধীনতা সেনানী মুক্তি যুঁজাৰুৰ বাসগৃহত উপস্থিত হয় হোজাইৰ বিধায়কগৰাকী । আজাদ হিন্দ ফৌজৰ এক সক্ৰিয় সেনানী আছিল পুৰণ বাহাদুৰ চেত্ৰী। দেশে 73তম স্বাধীনতা দিৱস আৰু দুদিনৰ পাচতেই পালন কৰিব কিন্তু এই গৰাকী মুক্তি যুঁজাৰুৱে অসম চৰকাৰ ওচৰত আবেদন জনাইয়ো পেঞ্চন অবিহনে মৃত্যুক আঁকোৱালি ল’লে স্বাধীনতা সংগ্ৰামী পুৰণ বাহাদুৰে । শেহতীয়াভাৱে এই গৰাকী মুক্তি যুঁজাৰুৰ পৰিয়ালৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই। এই গৰাকী মুক্তি যুজাৰুৰ পৰিয়ালটোৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈ উপস্থিত হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । বিধায়কগৰাকীয়ে মুক্তি যুঁজাৰু গৰাকীৰ সকলোবোৰ নথি-পত্ৰ নিৰীক্ষণ কৰি বিয়ষটোত অতি গুৰুত্ব সহকাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিভাগীয়ভাৱে আলোচনা কৰাৰ অশ্বাস দিয়ে। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি প্ৰেৰণ কৰাৰ আশ্বাস দিয়ে বিধায়ক শিলাদত্যই ।
Conclusion:লগতে তেওঁ কংগ্ৰেছ দলকো সমালচনা কৰি তেওঁ কয় যে বৰ্তমান ৬০ বছৰৰ মুক্তি যুজাৰুৱে পেঞ্চন পায় যদিও ৯২ বছৰীয়া পুৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালে পেঞ্চন নপোৱাটো তেনেই দুৰ্ভাগ্যজন।
বাইট---১/ বিধায়ক
২/ পৰিয়াল।
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম