ETV Bharat / state

Infant selling case in Baksa: সদ্যোজাত সন্তানক গতালে আত্মীয়ৰ হাতত

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:10 PM IST

বাক্সাৰ বৰমাত চাঞ্চল্যকৰ ঘটনা । পিতৃ-মাতৃয়ে আৰ্থিক দৈন্যতাৰ বাবেই সদ্যোজাত সন্তানক গতালে আত্মীয়ৰ হাতত । পিছে সদ্যোজাত সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে পিতৃ-মাতৃৰ বিৰুদ্ধে । এই অভিযোগক নস্যাৎ জন্মদাতা পিতৃ-মাতৃৰ ।

Shocking incident at Barma in Baksa
সদ্যোজাত সন্তানক গতালে আত্মীয়ৰ হাতত
সদ্যোজাত সন্তানক গতালে আত্মীয়ৰ হাতত

বাক্সা,২৭ অক্টোবৰ : অভাৱে নষ্ট কৰে স্বভাৱ । বাক্সা জিলাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য । আৰ্থিক দৈন্যতাৰ বাবেই নিজৰ সদ্যোজাত সন্তানক তুলি দিলে আনৰ হাতত । ইয়াৰ পাছতেই উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ । সদ্যোজাত সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে জন্মদাতা পিতৃ-মাতৃৰ বিৰুদ্ধে । বাক্সা জিলাৰ বৰমা মাধপুৰৰ নৱ কলিতাই নিজৰ সদ্যোজাত সন্তানটিক নলবাৰীৰ কৈঠালকুছিত বিক্ৰীৰ অভিযোগ উত্থাপন হৈছে ।

পিছে এই অভিযোগ নস্যাৎ কৰে জন্মদাতা পিতৃ-মাতৃয়ে । পৰিয়ালে স্ব-ইচ্ছাই তিনিদিনীয়া সন্তানটো আনৰ হাতত গতাই দিয়ে বুলি জানিবলৈ দিয়ে । জানিব পৰা মতে যোৱা ২৯ ছেপ্টেম্বৰত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল বৰমা মডেল হাস্পতালত । সেইদিনাই মহিলাগৰাকীয়ে প্ৰসৱ কৰিছিল এটা ল'ৰা সন্তান । সন্তান জন্মৰ ঠিক ৪৮ ঘন্টাৰ পিছতেই হাস্পতালৰ বাহিৰতে আনৰ হাতত তুলি দিয়ে সন্তানটো ।

এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী নৱ কলিতাই কয় যে ইতিমধ্যে তেওঁলোকৰ তিনিটাকৈ সন্তান আছে । সেয়ে ভৰণ-পোষণৰ অভাৱৰ বাবে চতুৰ্থ সন্তানটো আত্মীয়ৰ হাতত গতাই দিয়া বুলিহে উল্লেখ কৰে পিতৃ নৱ কলিতাই । সাধাৰণভাৱে টেম্প' চলাই পৰিয়াল পোহপাল দিয়া নৱ কলিতাই পৰিয়াল পোহপাল দিয়াৰ অসুবিধাৰ বাবেহে সন্তান অন্যৰ হাতত দিয়া বুলি জানিবলৈ দিয়ে । আনহাতে ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন কৰা নাই বুলিও উল্লেখ কৰে । স্থানীয় লোকেও এই সন্দৰ্ভত সন্তানটি পোহপাল কৰাত অসুবিধা হোৱাৰ বাবে আত্মীয়ৰ হাতত গতাই দিয়া বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Subansiri Dam : অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.