বাক্সা, 13 জুনঃ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰশিমলুগুৰীৰ পৰা তামুলপুৰলৈ যোৱা পথৰ বুঢ়াদিয়া নৈৰ ওপৰত থকা পকী দলং খনত দুয়োমুৰে এতিয়া বৃহৎ ফাঁটৰ সৃষ্টি হৈছে ৷ উক্ত ঘটনাত এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
উল্লেখ্য যে,যোৱা মে' মাহত ভাৰত চৰকাৰৰ গ্ৰাম্য বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা আৱন্টিত পুজিৰ দ্বাৰা ৩১৯. ৭৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এই পকা দলংখন ৷ ১.৩৬০ কি: মি: দৈৰ্ঘৰ দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল মেক্ৰোকজম বিল্ডাৰ নামৰ কণষ্ট্ৰাকচন টোৱে ৷ কিন্তু দলং নিৰ্মাণ কৰা কোম্পেনিটোৱে আঁচনি মতে কাম নকৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ তাৰোপৰি দলংখনৰ দীঘটো কমহোৱাৰ ফলত দুই মূৰ বুঢ়াদিয়া নৈৰ সোঁতে খহায় লৈ যায় ৷ তাৰোপৰি নিম্ন মানৰ সামগ্ৰীৰে দলং নিৰ্মাণত ব্যৱহাৰ কৰাৰ ফলত দলংঙৰ চাইডবাম টোত ফাঁট মেলে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি নৱনিৰ্মিত দলং খনৰ দুইমূৰ খহি যোৱাৰ উপৰিও দলং খনৰ দুইমূৰত ফাঁট মেলাৰ কথাটো ৰাইজে অৱগত কৰে গড়কাপ্তানী বিভাগৰ বৰমা উপসংমণ্ডক ৷ তাৰ পাছতেই ঠিকাদাৰে উক্ত ঘটনাটো লুকুৱাবলৈ বালিৰে ঢাকি দিয়ে খহি যোৱা অংশটো ৷ ফলত কিছুদিন বৰষুণ হ'লেই পুনৰ দলং খনৰ দুই মুৰ খহিযোৱাৰ আশংকা কৰে স্থানীয় লোকে ৷ উক্ত ঘটনাটো প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহনৰ দাবী কৰে স্থানীয় লোকে ৷
লগতে পঢ়ক- পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক