ETV Bharat / state

ভোটগ্ৰহণৰ দিন পিছুৱাবলৈ কৰা বিপিএফৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - assam election

বাক্সাৰ তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ দিন পিছুৱাবলৈ বিপিএফে কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে ৷ সমষ্টিটোত বিপিএফ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছতে বিপিএফৰ নেতৃত্বই নিৰ্বাচন পিছুওৱাৰ দাবী লৈ নিৰ্বাচন আয়োগ তথা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

SC Declines BPF's Ally's Plea To Delay Tamulpur Polls
বিপিএফৰ আবেদনক খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে
author img

By

Published : Apr 5, 2021, 7:52 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিল : বাক্সাৰ তামুলপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ দিন পিছুৱাবলৈ বিপিএফে কৰা আবেদনক খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে ৷ তামুলপুৰ বিধানসভা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ দিন পিছুৱাবলৈ বিপিএফে উচ্চতম ন্যায়ালত আবেদন কৰিছিল ৷

উল্লেখ্য যে, তামুলপুৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগদান কৰে ৷ যাৰ পাছতে বিপিএফে উক্ত সমষ্টিত নিৰ্বাচন পিছুৱাবলৈ নিৰ্বাচন আয়োগক দাবী জনাইছিল ৷ কিন্তু নিৰ্বাচন আয়োগে বিপিএফৰ এই দাবীক অগ্ৰাহ্য কৰিছিল ৷ ইয়াৰ পাছত দলটোৱে উক্ত বিষয়টো লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও তাৰ পৰাও কোনোধৰণৰ সহায় লাভ নকৰিলে ৷ আদালতে বিপিএফৰ নিৰ্বাচন পিছুওৱাৰ উক্ত আবেদনক মঙলবাৰে খাৰিজ কৰে ৷

উল্লেখ্য যে, তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিপিএফে ৰংজা খুংগুৰ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল যদিও নিৰ্বাচনৰ এক সপ্তাহ পূৰ্বে আৰু নামাকৰণ উঠাই লোৱাৰ তাৰিখ পাৰ হোৱাৰ পাছত ৰংজা খুংগুৰ বসুমতাৰীয়ে বিজেপিত যোগদান কৰে ৷ যাৰ পাছতে বিপিএফৰ নেতৃত্বই নিৰ্বাচন পিছুওৱাৰ দাবী লৈ নিৰ্বাচন আয়োগ তথা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

লগতে পঢ়ক: বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.