বাক্সা, ৩০ জানুৱাৰীঃ কাৰ্যাবাহী সদস্য ৰনেন নাৰ্জাৰীয়ে বিটিআৰৰ পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰা পিচতে বিভাগীয় দায়িত্ব পালনত তৎপৰ হৈ পৰা দেখা গৈছে ৷ শনিবাৰে ৰনেন নাৰ্জাৰীয়ে বাক্সা জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয় পৰিদৰ্শন কৰে ৷
পৰিদৰ্শন কৰাৰ পিচতে সাংবাদিকক সম্বোধন কৰে ৰমেন নাৰ্জাৰীয়ে ৷ তেওঁ কয় বৰ্তমানেও বাক্সা জিলা পৰিবহণ বিভাগৰ অন্তভূক্ত কেইবাটাও দিশত উন্নয়নৰ বাবে বহু কাম কৰিবলগীয়া আছে ৷ পৰিবহণ বিভাগৰ বহু কেইটা সমস্যাৰ ক্ষেত্ৰত ইতিমধ্যে বিষয়া সকলৰ সৈতে আলোচনা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে নাৰ্জাৰীয়ে ৷
ইফালে, আগন্তুক সময়ত পৰিৱহণ বিভাগটোক অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিব বুলিও সাংবাদিকৰ আগত আশ্বাস প্ৰদান কৰে ৰনেন নাৰ্জাৰীয়ে ৷ আজি কাৰ্য্যালয়টো পৰিদৰ্শন কৰা সময়ত ৰনেন নাৰ্জাৰীৰ লগত থাকে বাক্সা জিলাৰ পৰিবহণ বিভাগৰ বিষয়া শোণিত বৰা ৷
লগতে পঢ়ক: কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ