বাক্সা, 27 জুলাই : সোমবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ বিমলানগৰত মুঠ তিনিটাকৈ ৰকেট লান্সাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । লান্সাৰ কেইটা উদ্ধাৰৰ লগে লগে সমগ্ৰ অঞ্চলতে তীব্ৰ আতংকৰ সৃষ্টি হয় । জানিব পৰা মতে,বাল্টি নৈৰ পাৰত মাটিত পোত খাই থকা অৱস্থাত আৰক্ষীয়ে 81 MM মৰ্টৰ HE ৰকেট লান্সাৰ উদ্ধাৰ কৰে ।
![rocket launcher rescued](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-roket-launcher-vis3-7203823_27072020183317_2707f_1595854997_1069.jpg)
উল্লেখ্য যে, নৈৰ গৰাখনীয়াৰ ফলত লান্সাৰ দুয়োটা উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । লান্সাৰ দুটা প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ দল তথা সেনাৰ বোমা নিষ্ক্ৰিয়কাৰী দল আৰু SSBৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷
লগতে পঢ়কঃ নদীৰ ঘোলা পানী খাই জীৱন কটোৱা বিটিচিৰ এখন গাঁও
SSBৰ সহায়ত অনুসন্ধানৰ পাছত মুঠ তিনিটা লান্সাৰ উদ্বাৰ কৰি সেনাৰ বোমা নিষ্ক্ৰিয় প্ৰক্ৰিয়াৰ দ্বাৰা লান্সাৰ কেইটা নিষ্ক্ৰিয় কৰা হয়। প্ৰথম অৱস্থাত উদ্ধাৰকাৰী দলটোৱে দুটা আৰু পৰৱৰ্তী সময়ত,অনুসন্ধান চলোৱাত অন্য স্থানত এটা লান্সাৰ উদ্ধাৰ কৰে ।
লক্ষণীয় যে ইয়াৰ পূৰ্বেও অঞ্চলটোত উদ্ধাৰ হৈ আহিছে এই ধৰণৰ ৰকেট লান্সাৰ। ৰাইনো 1, ৰাইনো 2 আৰু অপাৰেচন অ'ল ক্লিয়াৰৰ সময়ত লান্সাৰ কেইটা ইয়াত মজুত থকাৰ সন্দেহ আৰক্ষীৰ । সমগ্ৰ ঘটনাই বৃহত্তৰ নাগ্ৰীজুলিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷