ETV Bharat / state

মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট - পিষ্টল দেখুৱাই ধন লুট

সোমবাৰে দিন দুপৰতে খাৰুৱাজানত সংঘটিত হ'ল এক ডকাইতিৰ ঘটনা ৷ চ'লামেণ্ডালাম ফাইনেঞ্চ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ গোপেশ্বৰ কলিতা নামৰ এগৰাকী এজেন্টে ধন সংগ্ৰহ কৰি নলবাৰীৰ কাৰ্যালয়লৈ বাইকেৰে গৈ থকা অৱস্থাতে বাট আগচি ধৰি দুৰ্বৃত্তৰ এটা দলে প্ৰায় 60 হাজাৰ টকা লুটি নিয়ে ৷

মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট
মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট
author img

By

Published : Jun 7, 2021, 8:14 PM IST

বাক্সা,৭ জুন: বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাজানত সোমবাৰে দিন দুপৰতে এক ডকাইতিৰ ঘটনা সংঘটিত হয় ৷ যি ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, চ'লামেণ্ডালাম ফাইনেঞ্চ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ গোপেশ্বৰ কলিতা নামৰ এগৰাকী এজেন্টে মুছলপুৰৰ অদালবাৰীৰ পৰা ধন সংগ্ৰহ কৰি নলবাৰীৰ কাৰ্যালয়লৈ বাইকেৰে গৈ থকা অৱস্থাতে বাট আগচি ধৰে এটা দুৰ্বৃত্তৰ দলে ৷ দিনৰ প্ৰায় ডেৰ বজাত বৰমা-মুছলপুৰ সংযোগী পথৰ খাৰুৱজানৰ টেক্সটাইল পাৰ্কৰ দলঙৰ ওপৰত এখন বাইকত অহা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই এজেন্ট গৰাকীৰ পৰা অৰ্ধ লক্ষাধিক টকা লুটি নিয়ে ৷

প্ৰাণৰ মমতাত গোপেশ্বৰ কলিতাই দলঙৰ পৰা তললৈ জাঁপ মাৰি প্ৰাণ ৰক্ষা কৰে যদিও কলিতাৰ বেগত থকা বিত্তীয় প্ৰতিষ্ঠানটোৰ সংগ্ৰহিত প্ৰায় 60 হাজাৰ টকা দুৰ্বৃত্তই লুটি লৈ যায় ৷ ঘটনাৰ খবৰ পাই বাক্সা জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা, মুছলপুৰ আৰু বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বাতৰি সংগ্ৰহ কৰা পৰলৈকে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক: পাথাৰকান্দি আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.