তামুলপুৰ, 12 চেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বয়াগলা গড়কাপ্তানী পথটোৰ এটা অংশ পুনৰ নিৰ্মাণৰ এদিন পিছতে চকলা চকল কৈ এৰাই যোৱাৰ পিচত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ পথটোৰ কাৰ্পেটিঙৰ স্তৰ সমূব এৰাই যোৱাৰ লগতে বিধ্বস্ত হৈ পৰে সমগ্ৰ পথছোৱা৷ গোৰেশ্বৰৰ পৰা আন্ধেৰীঘাট সংযোগী এই বয়াগলা পথটো দীৰ্ঘ দিন ধৰি বিধস্ত হৈ আছিল । পথটোৰে যাতায়ত কৰা যাত্ৰীসকল বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হ'বলগীয়া ঘটনাও সংঘটিত হৈছে ৷ বিভিন্ন সময়ত ৰাইজৰ লগতে কেবাটাও ছাত্ৰ সংগঠনে পথটো পুনঃ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী উৎথাপন কৰি অহাৰ পিচত পথটো হাজলপাৰাৰ পৰা খৈৰাবাৰী আন্ধেৰীঘাট সংযোগী পথটো প্ৰায় চাৰি কিলোমিটাৰ পুনঃ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছিল বিভাগীয় কৰ্তৃপক্ষই । কিন্তু ঠিকাদাৰৰ গাফিলতিৰ বাবে পুনৰ নিৰ্মানৰ পিচতে এৰাই যায় ৷
হিমন্তৰ গড়কাপ্তানী বিভাগত ঠিকাদাৰৰ মইমতালি! - গোৰেশ্বৰৰ-বয়াগলা সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা
নিৰ্মাণৰ এদিন পিচতে চকলা চকলকৈ এৰাল পকী পথৰ কাৰ্পেটিং ৷ ঠিকাদাৰৰ হেমাহীৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ ৷ শীঘ্ৰেই তদন্ত দাবী কৰিছে ৰাইজে ৷ গোৰেশ্বৰৰ-বয়াগলা সংযোগী গড়কাপ্তানী পথটোৰ এটা অংশ পুনৰ নিৰ্মাণৰ এদিন পিছতে চকলা চকল কৈ এৰাই যোৱাৰ পিচত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

তামুলপুৰ, 12 চেপ্তেম্বৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বয়াগলা গড়কাপ্তানী পথটোৰ এটা অংশ পুনৰ নিৰ্মাণৰ এদিন পিছতে চকলা চকল কৈ এৰাই যোৱাৰ পিচত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ পথটোৰ কাৰ্পেটিঙৰ স্তৰ সমূব এৰাই যোৱাৰ লগতে বিধ্বস্ত হৈ পৰে সমগ্ৰ পথছোৱা৷ গোৰেশ্বৰৰ পৰা আন্ধেৰীঘাট সংযোগী এই বয়াগলা পথটো দীৰ্ঘ দিন ধৰি বিধস্ত হৈ আছিল । পথটোৰে যাতায়ত কৰা যাত্ৰীসকল বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হ'বলগীয়া ঘটনাও সংঘটিত হৈছে ৷ বিভিন্ন সময়ত ৰাইজৰ লগতে কেবাটাও ছাত্ৰ সংগঠনে পথটো পুনঃ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী উৎথাপন কৰি অহাৰ পিচত পথটো হাজলপাৰাৰ পৰা খৈৰাবাৰী আন্ধেৰীঘাট সংযোগী পথটো প্ৰায় চাৰি কিলোমিটাৰ পুনঃ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছিল বিভাগীয় কৰ্তৃপক্ষই । কিন্তু ঠিকাদাৰৰ গাফিলতিৰ বাবে পুনৰ নিৰ্মানৰ পিচতে এৰাই যায় ৷
১২/৯/১৯।
তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ ৰ বয়াগলা গড়কাপ্তানি পথ টোৰ এটা অংশ পুন নিৰ্মাণ ৰ এদিন পিছতে চকলা চকলি কৈ এৰি গল কাৰ্পেটিং।গোৰেশ্বৰ ৰ পৰা আন্ধেৰীঘাট সংযোগী এই বয়াগলা পথটো দীৰ্ঘ দিন ধৰি বিধস্ত হৈ আছিল।পথটোৰে পথ যাত্ৰী সকলে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ চিকিৎসা ধিন হব লগা হৈছিল একমাত্ৰ পথটোৰ শোচনীয় অৱস্থাৰ বাবে।বিভিন্ন সময়ত ৰাইজৰ লগতে কেবাটাও ছাত্র সংগঠনে পথটো পুনঃ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাৱি উৎখাপন কৰি অহাৰ ফলত পথটো হাজলপাৰাৰ পৰা খৈৰাবাৰী আন্ধেৰীঘাট পথটোত সংযোগ হোৱাকৈ প্ৰায় চাৰি কিলোমিটাৰ পথৰ পুনঃ নিৰ্মাণ ৰ ব্যৱস্থা কৰি দিছিল বিভাগীয় কৰ্তৃপক্ষই।পথ চোৱা পুনঃ নিৰ্মাণ ৰ দায়িত্ব দিছিল আৰিফ উদ্দিন আহমদ নামৰ ঠিকাদাৰ গৰাকীক।এই ঠিকাদাৰ গৰাকীয়ে পথটো একেবাৰে নিম্ন মানৰ কামেৰে নিৰ্মাণ কৰি থকাৰ উমান ৰাইজে লাভ কৰাত ঠিকাদাৰ গৰাকীক পথ চোৱ উন্নত মানত নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী ৰ সহযোগত পথটোৰ কিছু অংশ নিম্নমানৰ কামেৰে নিৰ্মাণ কৰে যদিও এদিন পিছতে পথটোৰ কাৰ্পেটিং চকলা চকলিকৈ এৰি পৰে। এই নিম্নমানৰ কামৰ বাবে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পথটোৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়ে আৰু বিভাগীয় কৰ্তৃপক্ষৰ উচ্চস্থৰিয় বিষয়াৰ উপস্থিতিত হে পথটো নিৰ্মাণ কৰিব লাগে বুলি সযোৰেৰে দাৱি উৎখাপন কৰে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion: