ETV Bharat / state

ৰাইজৰ প্ৰচেষ্টাত বাক্সাত পথ নিৰ্মাণ - road constructed by villagers

বাক্সাৰ জালাহ উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন বৰলা গাঁৱত নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিলে এটি পথ । গাঁৱখনৰ ৰাইজে মিলি প্ৰায় ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে উক্ত পথচোৱা ।

road-constructed-by-villagers-itself-by-their-own-money
বাক্সাৰ নতুন বৰলা গাঁৱত ৰাইজে নিৰ্মাণ কৰিলে এটি পথ
author img

By

Published : May 15, 2021, 9:03 AM IST

বাক্সা,15 মে': "ৰাইজে নখ জোকাৰিলে নৈ বয়" উক্ত বাক্যশাৰী আগত ৰাখিয়েই বাক্সাৰ জালাহ উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন বৰলা গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাজঘাট অঞ্চলত নিৰ্মাণ কৰিলে এটি পথ । স্বাধীনতাৰ ৭০ বছৰ পিছতো চৰকাৰৰ চকুত নপৰা উক্ত পথটো নিৰ্মাণ কৰিলে গাঁৱৰ ৰাইজে ।

মন কৰিবলগীয়া যে, বহুবছৰৰ পৰা গাঁৱৰ সৰ্বসাধাৰণ লোকে জীয়াতু ভূগি বোকাময় পথটোৰে অহা-যোৱা কৰি আছিল । কিন্তু জনপ্ৰতিনিধিৰ ফালৰ পৰা কোনো সঁহাৰি নাপাই গাঁৱখনৰ ৰাইজে মিলি প্ৰায় ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে পথচোৱা ।

বাক্সাৰ নতুন বৰলা গাঁৱত ৰাইজে নিৰ্মাণ কৰিলে এটি পথ

উল্লেখ্য যে, পথৰ দুৰৱস্থাৰ কাৰণে গাঁৱখনলৈ এম্বুলেঞ্চলৈকে সোমাবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল । সম্প্ৰতি গাঁওবাসীয়ে পথচোৱা নিজাববীয়াকৈ নিৰ্মাণ কৰিলেও চৰকাৰ তথা জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ ৰাইজৰ এই দুৰ্দশাক আওকাণ কৰি অহাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: অসম আৰক্ষীত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.