ETV Bharat / state

ক’লা দেওবাৰঃৰাজ্যৰ ভিন্ন স্থানত সংঘটিত পথ দুৰ্ঘটনা

author img

By

Published : Feb 9, 2020, 9:25 PM IST

দেওবাৰৰ দিনটোত ৰাজ্যৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেবাটাও পথ দুৰ্ঘটনা ৷ বকোৰ দুটাকৈ স্থানত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত কেবাজনো ব্যক্তি আহত হয় ৷ আহত ব্যক্তিসকলক ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ বাক্সাতো সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত আহত তিনিজন ব্যক্তিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ লগতে হাওৰাঘাটৰ গজালিপাৰত শনিবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক । নিহত যুৱকজন হোজাইৰ চানু পাণিকা বুলি চিনাক্ত কৰা হৈছে ।

ক’লা দেওবাৰ
পথ দুৰ্ঘটনা

বকো,9 ফেব্ৰুৱাৰীঃ দেওবাৰৰ দিনটোত ৰাজ্যৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেবাটাও পথ দুৰ্ঘটনা ৷ বকোৰ এক শিৱ মন্দিৰৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা । এখন টাটা টিয়াগ’ (AS-15 Q 4965) আৰু টিভিএছ আপাছী (ML 08F 6149) বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী আমিদুল চালাম । ব্যক্তিজনৰ ঘৰ গোৱালপাৰাৰ শালমাৰাত ৷ আঘাতপ্ৰাপ্ত চালামক বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

পথ দুৰ্ঘটনা
হাওৰাঘাটত নিহত এজন

আনহাতে, বকো থানাৰ অন্তৰ্গত লামপাৰাত সংঘটিত হয় অন্য এক দুৰ্ঘটনা ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকো অভিমুখে আহি থকা এখন ৰ’নাল্ট ডাষ্টাৰ বাহনে পথত ৰখাই থোৱা ট্ৰাক এখনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত বকোৰ বিশিষ্ট ব্যৱসায়ী বিক্ৰম শৰ্মা গুৰুতৰভাৱে আহত হয় । ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ ব্যক্তিজনক স্থানীয় বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাই যদিও পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS 01 DR 7599 ৷

বাক্সাঃ বাক্সাৰ তামুলপুৰত টেম্পো আৰু চুইফট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় ৮গৰাকী পুৰুষ-মহিলা ৷ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপাত সংঘটিত পথ দুৰ্ঘটনাটোত আহত তিনিগৰাকী যাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,দেওবাৰে ৰঙিয়াৰ পৰা কুমাৰীকাটা অভিমুখে গৈ থকা টেম্পোখনত দ্বাৰকুছিৰ সুদামচা বড়ো(২৭),জলপাইগুৰীৰ প্ৰতিমা সৰকাৰ(২৩),পাৰুল সৰকাৰ(৪৫),গাৰোঘুটুৰ নাৰায়ণ দাস (৩৮),বিজয় দাস(৪৫),অমূল্য দাস(৪৩),বিনয়াপুৰৰ টিকেন পাল(৩৫) আৰু নগাঁও কামপুৰৰ দিপীকা নাগ(২২) আছিল ৷

পথ দুৰ্ঘটনা

ইফালে,দুৰ্ঘটনাটো সংঘটিত কৰি চুইফট ডিজায়াৰখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত স্থানীয় লোক আৰু তামুলপুৰ আৰক্ষীয়ে আহতসকলক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

ডিফুঃ হাওৰাঘাটৰ গজালিপাৰত শনিবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক । নিহত যুৱকজন হোজাইৰ চানু পাণিকা বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে,হাওৰাঘাটৰ হাতীপোৰাত থকা শহুৰেকৰ ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি যুৱকজন দুৰ্ঘটনাত পতিত হয় ৷ হাওৰাঘাট আৰক্ষীৰ তহলদাৰী গোটে ততালিকে যুৱকজনক হাওৰাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত যুৱকজনৰ মৃত্যু হয় ।

লগতে চাওকঃবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'ল 'ভিলেজ ৰকষ্টাৰ্ছ

Intro:Body:বকোত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা দিনতে দুটা পৃথক পথ দুৰ্ঘটনা।

বকোৰ শিৱ মন্দিৰৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা। টাটা টিয়াগ' আৰু টিভিএচ আপাচী বাইকৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী আমিদুল চালাম। আমিদুল চালামৰ ঘৰ গোৱালপাৰাৰ শালমাৰাত। আঘাতপ্ৰাপ্তক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি । ইতিমধ্যে আমিদুলক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাত পতিত টাটা টিয়াগ'খনৰ নম্বৰ AS 15Q 4965। আপাচী বাইকৰ নম্বৰ ML 08F 6149।

আনহাতে, মাজনিশা বকো থানাৰ অন্তৰ্গত লামপাৰাত ১৭ নংৰাষ্ট্ৰীয় ঘাইপথত বকো অভিমূখে আহি থকা অৱস্থাত ৰখাই থোৱা ট্ৰাক এখনক পাছ ফালৰ পৰা খুন্দা মৰাৰ ফলত বকোৰ বিশিষ্ট ব্যৱসায়ী বিক্ৰম শৰ্মা গুৰুতৰ ভাৱে আহত হয়। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ বিক্ৰম শৰ্মাক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত ৰেনাল্ট ডাষ্টাৰ খনৰ নম্বৰ AS01 DR7599 আৰু ট্ৰাকখনৰ নম্বৰ AS01 FC5478।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.