বৰমা, ২৬ ছেপ্টেম্বৰ : বিটিএডিৰ নিৰ্বাচন পিছুওৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ৷ সংবাদ মাধ্যমৰ আগত নিজ নিজ মত প্ৰকাশ কৰিছে দলীয় নেতা-কৰ্মী সকলে ৷ ইতিমধ্যে ড° হেমন্ত বিশ্ব শৰ্মাই বিটিএডিত হ’ব লগা পৰিষদীয় নিৰ্বাচন পিচুৱাব বুলি কৰা মন্তব্য কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে যে, হিমন্ত বিশ্ব শৰ্মা কোনো নিৰ্বাচন আয়োগ নহয় ৷
বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বিটিএডিত অতি শীঘ্ৰে নিৰ্বাচন পাতিব লাগে কিয়নো উন্নয়ন স্থবিৰ হৈছে এই অঞ্চলত ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই কয় যে, বিটিএডিৰ পৰিষদীয় নিৰ্বাচন পিচুৱাব নালাগে ৷ ৰাইজৰ সামাজিক ব্যৱধান ৰাখি হ’লেও নিৰ্বাচন হব লাগে কিয়নো যিমানেই নিৰ্বাচন পিচুৱাই থাকিব সিমানেই উন্নয়ন স্থবিৰ হৈ থাকিব ৷
২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন ই.এম. অনসুমৈ খুংগুৰ বড়োৱে কয় যে কৰ’না সংক্ৰান্তত হ’ব লগা নিৰ্বাচন পিচুৱাব লগা হৈছে, সেয়া স্বাভাৱিক ৷ নিৰ্বাচনী আয়োগে সিদ্ধান্ত কৰি, সামাজিক দুৰত্ব বজাই ৰাখি বিটিএডিত নিৰ্বাচন হ’ব দিব লাগে ৷ কিয়নো যিমানেই নিৰ্বাচন পিচুৱাই যাব সিমানেই বিটিএডিৰ ৰাইজ সমস্যাত ভুগিব ৷ আমাৰ কাম বহু ৰৈ গৈছে যেনে ৰাস্তাৰ মেৰামতি, নদীৰ বান্ধ এইবোৰ বহু পিচপৰি আছে বুলি কয় কাৰ্যবাহী বড়োৱে ৷
লগতে পঢ়ক : বিটিআৰক লৈ ইউপিপিএলৰ উপ-সভাপতি ৰণগৌৰাৰ প্ৰতিক্ৰিয়া