তামুলপুৰ, ২৫ জুলাই :তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত ১ নং শুৱাগপুৰত পুঠিমাৰী নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে । জাহ গৈছে বহু কৃষিভূমি । নিজৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত এতিয়া পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও উপায় নোহোৱা হৈছে বহু কৃষকৰ । উৎপাদন সকলো শস্য আৰু পাচলি নৈৰ বুকুত জাহ যোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ । দিনে নিশাই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত অদূৰ ভৱিষ্যতে পুঠিমাৰি নৈত জাহ যাব ১ নং শুৱাগপুৰ আৰু প্ৰায়বোৰ লোক হ'ব পদপথৰ বাসিন্দা । কিন্ত জলসম্পদ বিভাগ কিম্বা চৰকাৰে এই খহনীয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে৷ ৰাইজৰ অভিযোগ, পুঠিমাৰি নৈৰ বুকুৰ পৰা ব্যাপক হাৰত শিল বালি খনন কৰি অহাৰ ফলতে এই খহনীয়াৰ সৃষ্টি হৈছে ।
নামনিত পুঠিমাৰী নৈৰ খহনীয়াৰ কালৰূপ - tamulpur
তামুলপুৰৰ ১নং শুৱাগপুৰত পুঠিমাৰী নৈৰ ব্যাপক গৰাখহনীয়া। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তীব্ৰ সোঁতে অঞ্চলটোত কালৰূপ ধাৰণ কৰিছে। ব্যাপক গৰাখহনীয়া হোৱা অঞ্চলটোৰ ৰাইজ আতংকিত হৈছে ।
![নামনিত পুঠিমাৰী নৈৰ খহনীয়াৰ কালৰূপ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3940070-thumbnail-3x2-oolm.jpg?imwidth=3840)
তামুলপুৰ, ২৫ জুলাই :তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত ১ নং শুৱাগপুৰত পুঠিমাৰী নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে । জাহ গৈছে বহু কৃষিভূমি । নিজৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত এতিয়া পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও উপায় নোহোৱা হৈছে বহু কৃষকৰ । উৎপাদন সকলো শস্য আৰু পাচলি নৈৰ বুকুত জাহ যোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থা অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ । দিনে নিশাই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ ফলত অদূৰ ভৱিষ্যতে পুঠিমাৰি নৈত জাহ যাব ১ নং শুৱাগপুৰ আৰু প্ৰায়বোৰ লোক হ'ব পদপথৰ বাসিন্দা । কিন্ত জলসম্পদ বিভাগ কিম্বা চৰকাৰে এই খহনীয়াৰ কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে৷ ৰাইজৰ অভিযোগ, পুঠিমাৰি নৈৰ বুকুৰ পৰা ব্যাপক হাৰত শিল বালি খনন কৰি অহাৰ ফলতে এই খহনীয়াৰ সৃষ্টি হৈছে ।
২৫/৭/১৯,
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত ১ নং শুৱাগপুৰত পুঠিমাৰী নৈ য়ে প্ৰবল গড়াখহনীয়া ৰ সৃষ্টি কৰি নিশাটো ৰ ভিতৰতে নিশেষ কৰিলে বহু কৃষকৰ কৃষিভূমি।নিজৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত এতিয়া পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও উপায় নোহোৱা হল কৃষক সকলৰ।উৎপাদন হৈ থকা লাও,কোমোৰা,জিকা,আদি পাচলি শস্য বোৰ নৈৰ বুকুত জাহ গৈ পানীত হাহ নচৰা অৱস্থা কৰিলে কৃষক সকলৰ।খহনীয়া ৰ তাণ্ডৱ ত বহুকেইটা নৈ পৰিয়া পৰিয়াল ইতিমধ্যে অন্য ঠাইলৈ গৈছে।এনেদৰে যদি খহনীয়া হৈ থাকে অদুৰ ভৱিষ্যতে ১ নং শুৱাগপুৰ নৈৰ বুকুত জাহ যাব,গাওঁখনৰ প্ৰায়বোৰ লোক পদপথৰ বাসিন্দা হব যিহেতু আৰ্থিক ভাৱে স্বচ্ছল নহয় প্ৰায় বোৰ লোক।এই মন্তব্য গাওবাসীৰ।গাওঁখনৰ ৰাইজৰ চৰকাৰলৈ অনুৰোধ গড়াখহনী ৰোধ কৰি ১ নং শুৱাগপুৰ গাওখন খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ।
উল্লেখযোগ্য যে গাওঁখনৰ ৰাইজৰ মন্তব্য অনুযায়ী নৈ খনৰ বুকুৰ পৰা শিল বালি খনন কৰি অহাৰ ফলতে গড়াখহনীৰ সৃষ্টি হৈছে।
চৰকাৰে শিল বালি খননৰ অনুমতি দিছে কিন্তু নৈ পৰিয়া ৰাইজৰ ভৱিষ্যতৰ প্ৰতি অকনো গুৰুত্ব দিয়া নাই।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion: