ETV Bharat / state

পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা মন্ত্ৰী ভৱেশ কলিতাৰ - ভৱেশ কলিতা

দেওবাৰে পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিলে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ মথাউৰি নিৰ্মাণত শ্ৰমিকসকলৰ সমান্তৰালকৈ দলীয় কৰ্মকৰ্তাৰ লগতে হাত উজান দিলে মন্ত্ৰীগৰাকীয়েও ৷

মন্ত্ৰী ভৱেশ কলিতা
মন্ত্ৰী ভৱেশ কলিতা
author img

By

Published : Aug 9, 2020, 2:58 PM IST

বাক্সা, 9 আগষ্ট: ভগ্ন মথাউৰি নিৰ্মাণৰ উদ্দেশ্যে দেওবাৰে বাক্সাৰ বগৰীবাৰীত উপস্থিত হয় জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা ৷ শেহতীয়া বানে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল বগৰীবাৰীস্থিত পুঠিমাৰী নৈৰ মথাউৰি ৷ যাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা,ৰঙিয়া ব্লক মণ্ডলৰ উদ্যোগত দেওবাৰে পুৱাই দলীয় কৰ্মীৰ সৈতে অঞ্চলটোত গৈ উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মথাউৰি নিৰ্মাণৰ কামত শ্ৰমিকসকলৰ সমান্তৰালকৈ নিজেও সহায় সহযোগ আগবঢ়োৱা পৰিলক্ষিত হ'ল মন্ত্ৰীগৰাকীক ৷

বানত দুৰ্ভোগ ভোগা লোকসকল যাতে অতি শীঘ্ৰেই আশ্ৰয় শিবিৰৰ পৰা নিজ ঘৰলৈ উভতি আহিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অন্য দলৰ লোকে ধৰ্ণা আদি কাৰ্যসূচী ৰূপায়ন কৰে,কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সকলো কামতে হাতে কামে লাগে ৷ এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী আন আন দলসমূহতকৈ সম্পূৰ্ণ পৃথক বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ৷ সেইবাবেই ৰাইজক সুবিধা প্ৰদানৰ উদ্দেশ্যে দেওবাৰে মথাউৰি নিৰ্মাণ কাৰ্যসূচীত দলটোৰ কৰ্মকৰ্তাসকলৰ লগতে মন্ত্ৰীগৰাকীয়েও হাত উজান দিয়ে বুলিও মন্তব্য কৰে তেওঁ ৷

পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা মন্ত্ৰী ভৱেশ কলিতাৰ

লগতে পঢ়ক: খহনীয়াই ভাবুকি আনিছে মোলানকটা আদৰ্শ গাঁৱলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.