ETV Bharat / state

জনপ্ৰতিনিধিয়ে বন্ধ কৰি দিলে বাক্সাৰ জিলাৰ এখন চৰকাৰী বিদ্যালয় - জনপ্ৰতিনিধি

এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় হঠাৎ বন্ধ কৰি দিয়া ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ স্থানীয় লোকে সদৰি কৰা মতে চুতীয়াপাৰাৰ ভোলানাথ এল পি স্কুলত হঠাৎ উপস্থিত হয় বিটিচিৰ মুছলপুৰ সমষ্টিৰ জনপ্ৰতিনিধি ৰাকেশ ব্ৰহ্মই বিদ্যালয়ত তলা লগাই দিয়ে ৷

public-representative-stopped-a-gov-school
জনপ্ৰতিনিধিয়ে বন্ধ কৰি দিলে বাক্সাৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়
author img

By

Published : Feb 9, 2021, 9:50 PM IST

বাক্সা, ৯ ফেব্ৰুৱাৰী : বাক্সাৰ জিলাৰ চুতীয়াপাৰাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় হঠাৎ বন্ধ কৰি দিয়া ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ স্থানীয় লোকে সদৰি কৰা মতে চুতীয়াপাৰাৰ ভোলানাথ এল পি স্কুলত হঠাৎ উপস্থিত হয় বিটিচিৰ মুছলপুৰ সমষ্টিৰ জনপ্ৰতিনিধি ৰাকেশ ব্ৰহ্ম ৷ শুকুৰবাৰে বিদ্যালয়খনত উপস্থিত হৈয়ে বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে শিক্ষাৰ্থী সকলক বাহিৰলৈ মাতি বিদ্যালয়খনত বিধায়ক গৰাকীয়ে তলা লগাই দিয়ে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, ১৯৮৫ চনত স্থাপিত এই বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশীকৰণ হৈছিল ৷ অৰ্থাৎ বিগত ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষকসকলে ২০১৩ চনতহে বেতন লাভ কৰিছিল ৷ প্ৰাদেশীকৰণৰ সময়ত বিদ্যালয়খনত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আছিল যদিও পৰৱৰ্তী সময়ত অভিভাৱকে অঞ্চলটোৰ ল’ৰা-ছোৱালীসকলক ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়াত সম্প্ৰতি এই বিদ্যালয়খনতএজন শিক্ষকে পাঠদান দিয়াৰ বিপৰীত মাত্ৰ দহ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ৷

স্থানীয় লোকৰ মতে বিদ্যালয়খন ছাত্ৰ-ছাত্ৰী কম বাবেই বিদ্যালয়খন বন্ধ কৰি দিছে জনপ্ৰতিনিধি ৰাকেশ ব্ৰহ্মই ৷ ইফালে, বিদ্যালয়খনত কৰ্মৰত একমাত্ৰ শিক্ষকজনক ওচৰৰ ৩০৩ নং বেবেজিয়াপাৰা এল পি স্কুলত যোগদান কৰি পাঠদান কৰিবলৈ বিধায়ক গৰাকীয়ে পৰামৰ্শ দিয়ে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷

গুৰুত্বপূৰ্ণ কথাটো হ'ল অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধি জনৰ এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই ৷ শিক্ষা বিভাগৰ বিভাগীয় নীতি নিৰ্দেশনাৰ পৰিৱৰ্তে জনপ্ৰতিনিধি গৰাকীয়ে কিদৰে এখন বিদ্যালয় বন্ধ কৰিব পাৰে তাকে লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.