ETV Bharat / state

অবৈধ খননৰ বিৰুদ্ধে তামুলপুৰত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jul 21, 2020, 7:37 PM IST

অবৈধ খননে পুথিমাৰী নৈত সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া ৷ ইয়াৰ ফলত বিপদত পৰিছে নৈ খনৰ পশ্চিম প্ৰান্তত থকা অঞ্চল সমূহৰ ৰাইজ ৷ সেয়ে শতাধিক ৰাইজে মিলি খনন বন্ধ কৰিবলৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

অবৈধ খননৰ বিৰুদ্ধে তামুলপুৰত ৰাইজৰ প্ৰতিবাদ
অবৈধ খননৰ বিৰুদ্ধে তামুলপুৰত ৰাইজৰ প্ৰতিবাদ

বাক্সা, 21 জুলাইঃ পুঠিমাৰী নৈৰ বালি মহলত চলি থকা অবৈধ খনন কাৰ্যৰ ফলত বৃদ্ধি পাইছে তীব্ৰ গৰাখহনীয়াৰ,যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে,অভিযোগ অনুসৰি অবৈধ খনন কাৰ্যৰ ফলত হোৱা নৈ খনৰ গৰাখহনীয়াই বিপদত পেলাইছে পশ্চিম দিশত থকা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পূৱ-কচুকাটা,গান্ধীবাৰী,উত্তৰ গান্ধীবাৰী,দক্ষিণ গান্ধীবাৰী জোকমাৰী,শিমলুবাৰী,শিজুগুৰি,ঢেঁকিপোতা আদি গাঁৱৰ ৰাইজক ৷ এই বছৰ গৰখহনীয়াৰ কৱলত পৰি শ শ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে অঞ্চল কেইটাত ৷

তামুলপুৰত ৰাইজৰ প্ৰতিবাদ

সেয়ে সোমবাৰে অঞ্চলটোৰ শতাধিক ৰাইজে ঢেঁকিপোতাত পুঠিমাৰী নৈৰ পাৰত উপস্থিত হৈ পুঠিমাৰী বালি মহলত চলি থকা অবৈধ খনন বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে অবৈধ খনন বন্ধ কৰক,অসম চৰকাৰ হায় হায়,বন বিভাগ হায় হায়, জলসম্পদ বিভাগ হাই হাই, গৰাখহনীয়া ৰোধ কৰক, বন বিভাগ লেই লেই ছেই ছেই, বন বিভাগৰ দুৰ্নীতি ৰোধ কৰক আদি শ্ল'গান দি পুঠিমাৰী নৈৰ পাৰ উত্তাল কৰি তোলে ৷

বন বিভাগ, ৰাজনৈতিক নেতা-পালি নেতাৰ ছত্র ছায়াত বন বিভাগৰ নীতি নিয়মক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন কৰি পুঠিমাৰী নৈৰ পাৰত জেচিবি, ফকলেন আদিৰে খনন কাৰ্য চলাই থকা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদত নমা গঞা ৰাইজে ৷

শীঘ্ৰেই পুঠিমাৰী নৈত জেচিবি,ফকলেনেৰে কৰি থকা অবৈধ খনন বন্ধ নকৰিলে চৰকাৰ আৰু বন বিভাগৰ বিৰুদ্ধে ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়কঃ পৰিচয় পত্ৰ অবিহনে ডিমা হাছাওলৈ যাব নোৱাৰিব কোনো লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.