ETV Bharat / state

বাক্সাৰ মুছলপুৰত ভোটাৰ্চ পাৰ্টীৰ প্ৰতিবাদ

author img

By

Published : Aug 26, 2022, 9:02 PM IST

বাক্সাৰ মুছলপুৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(Protest in Mushalpur) । ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ উদ্যোগত মূল্যবৃদ্ধি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

protests in musalpur against corruption
বাক্সাৰ মুছলপুৰত ভোটাৰ্চ পাৰ্টীৰ প্ৰতিবাদ

বাক্সা,২৬ আগষ্ট: দূৰ্নীতি আৰু মূল্যবৃদ্ধি ৰোধকে ধৰি কেইবাটাও দাবীৰে বাক্সা জিলাৰ মুছলপুৰত এক প্ৰতিবাদী সমদল উলিয়ায় ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলে(Protest in Mushalpur) । নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিবাদ সাব্যস্ত কৰা বুলি মন্তব্য কৰে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ অসম ৰাজ্যিক সভাপতি ললিত পেগুৱে ।‌‌‌‌‌

চৰকাৰৰ ওচৰত দুটা ৰাষ্টা থকা বুলি মন্তব্য কৰি পেগুৱে মূল্যবৃদ্ধি ৰোধ কৰক নহয় GST উঠাই দি জনতাক ভাট্টা প্ৰদান কৰক বুলি দাবী জনায় । ইয়াৰ উপৰিও ভূমি সমস্যাৰ স্থায়ী সমাধানৰ বাবে ভূমিৰ জৰীপ খৰতকীয়া কৰা,বেকী নদীৰ ওপৰত নাৰেংগুৰিত নিৰ্মীয়মান বান্ধৰ কাম আৰু পাল্লা নদীৰ ওপৰত আধৰুৱা হৈ থকা নিৰ্মীয়মান দলং সম্পূৰ্ণ কৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি সহস্ৰাধিক ভোটাৰ্চ পাৰ্টী ইন্টাৰনেছনেলৰ কৰ্মী তথা সমৰ্থকে মুছলপুৰৰ ৰাজপথেৰে প্ৰতিবাদী সমদল উলিয়ায় ।

প্ৰতিবাদী সমদলকাৰীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপিৰ কাম নাই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । ইয়াৰ পিছতে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: 28 আগষ্টত পুনৰ 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.