তামুলপুৰ,29 জুন: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ আৰু নাওকাটাত পৃথকে পৃথকে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে প্ৰধানমন্ত্ৰীৰ লগতে পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ । সংগঠনটোৱে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী হায় হায়, পেট্ৰ’লিয়াম মন্ত্ৰী হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
শীঘ্ৰে চৰকাৰে ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী দলটোৱে ৷ সাম্প্ৰতিক সময়ত কৰ’ণা ভাইৰাছে জনসাধাৰণক কোঙা কৰাৰ মাজতেই চৰকাৰে মূল্যবৃদ্ধিৰে পুনৰ জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে চাওকঃ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ চৰকাৰ, কংগ্ৰেছৰ প্ৰতিবাদ